মার্ঘেৰিটাৰ লিডুত আজি আয়কৰ বিভাগে কেইবাজনো কয়লা ব্যৱসায়ীৰ বাসগৃহত তালাচী চলায় ৷পুৱাৰে পৰা আয়কৰ বিভাগে ব্যৱসায়ী কেইজনৰ বাসগৃহত অভিযান চলায় ৷ কয়লাৰ চোৰাং বেহাত জড়িত থকাৰ অভিযোগত আয়কৰে এই অভিযান চলাইছে ৷
গোবিন ছেত্ৰী,সুনীল গুৰুং আৰু বি গণেশৰ ঘৰত চলিছে আয়কৰৰ অভিযান ৷ অভিযানকালত আয়কৰে বহুসংখ্যক গুৰুত্বপূর্ণ নথিপত্ৰ জব্দ কৰিছে বুলি জানিব পৰা গৈছে ৷ অবৈধ কয়লা ব্যৱসায়ৰ জৰিয়তে কৰ ফাঁকি দি অহা বুলি তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে ৷ যাৰ বাবে চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাব লগীয়া হৈছে ৷