দেশৰ বিভিন্ন প্ৰান্তত থকা চীনা মোবাইল প্ৰতিষ্ঠানৰ কেইবাটাও কার্যালয়ত আজি তালাচী চলায় আয়কৰ বিভাগে ৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পোৱা অনুসৰি এই প্ৰতিষ্ঠানসমূহে যাৱতীয় নীতি নিয়ম উলংঘা কৰাৰ বাবে আজি পুৱাৰে পৰা আয়কৰে প্ৰতিষ্ঠানসমূহত তালাচী চলায় ৷ চীনা মোবাইল ফোন নির্মাতা প্ৰতিষ্ঠানসমূহৰ কেইবাটাও নির্মান গোট, কর্পোৰেট কার্যালয় আৰু গুদামত এই তালাচী চলোৱা হৈছে ৷ উল্লেখ্য যে যোৱা আগষ্ট মাহত চীনা টেলিকম সজুঁলি নির্মাণকাৰী সংস্থা জেড টি ইৰ গুৰুগ্ৰামত থকা কার্যলয়ত আয়কৰে তালাচী চলাইছিল ৷ তেওঁলোকৰ প্ৰতিষ্ঠানৰ ভাৰতীয় মুৰব্বীকো আয়কৰ বিভাগে সোধা পোচা কৰিছিল ৷ সুত্ৰই সদৰী কৰা অনুসৰি কৰ আদায়ৰ ক্ষেত্ৰত কেতবোৰ নিয়ম উলংঘা কৰি আহিছে এই প্ৰতিষ্ঠানসমূহে ৷ মোবাইল ফোনৰ উপৰি পৰিবহন ব্যৱসায় আৰু ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই অভিযান চলাইছিল ৷