কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত এক নতুন জাননী জাৰি কৰিছে। জানুৱাৰীৰ পৰা কাৰ্য্যকৰী হোৱাকৈ সাজপাৰ, জোতা, সূতাৰ ওপৰত জি এছ টি বৃদ্ধি পাব বুলি উল্লেখ কৰে।
পূৰ্বৰ ৫% জি এছ টি ২০২২ চনৰ পৰা জানুৱাৰীৰ পৰা ১২%লৈ বৃদ্ধি পাব বুলি নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা জি এছ টি কাউন্সিলৰ সভাত এই কথা উল্লেখ কৰে। বস্ত্ৰ উদ্যোগৰ উন্নয়নৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।
জানুৱাৰী মাহৰ পৰা টকাৰ ঊৰ্ধ্বৰ প্ৰতিযোৰ সাজপাৰৰ মূল্যৰ ওপৰত ১২% জি এছ টি পৰিশোধ কৰিব লাগিব। আনহাতে ১০০০ টকাতকৈ কমৰ মূল্যৰ কাপোৰৰ বাবদ ৭% জি এছ টি গ্ৰাহকে পৰিশোধ কৰিব লাগিব।
ব্যাপক মূল্য বৃদ্ধিয়ে দেশবাসীক কোঙা কৰাৰ সময়তে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ এই সিদ্ধান্তই সাধাৰণ ৰাইজক বিমোৰত পেলাইছে।