ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ১৫ আগষ্ট ২০২২ত তিনিবৰণীয়া পতাকাৰ আলোকেৰে দেশৰ ঐতিহাসিক ভৱনসমূহ উজ্বলাই তোলাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই।উদযাপনৰ অংশ হিচাপে তিনিবৰণীয়া পতাকাক মূল বিষয়বস্তু হিচাপে লৈ উক্ত দিনটোত দেশত মুঠ ১৫০ টা স্মাৰক জ্বলোৱা হ’ব। অৱশ্যে ইয়াৰে কিছুমান স্মাৰক ইতিমধ্যে আলোকিত কৰা হৈছে।
উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ এক বিশেষ নিৰ্দেশনাৰ বাবে তাজমহলৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব ৷ এই নিৰ্দেশনা অনুসৰি নিশা স্মৃতিস্তম্ভত কোনেও পোহৰ কৰিব নোৱাৰিব।
সমাজকৰ্মী বিজয় উপাধ্যায়ৰ মতে, ১৯৯৭ চনৰ ২০ মাৰ্চ তাৰিখে প্ৰখ্যাত পিয়ানোবাদক য়ান্নীৰ এক সংগীতানুষ্ঠানৰ সময়ত শেষবাৰৰ বাবে তাজমহল আলোকিত কৰা হৈছিল। কিন্তু পিছদিনা ৰাতিপুৱা, তাজমহলমৃত কীট-পতংগৰে ভৰি থকা দেখা গৈছিল যিয়ে স্মৃতিস্তম্ভটোৰ মাৰ্বল ক্ষতিগ্ৰস্ত কৰে। তাৰ পিছত, ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগৰ ৰাসায়নিক শাখাই পৰামৰ্শ দিছিল যে তাজমহলত ৰাতি আলোকিত কৰিব নালাগে। তেতিয়াৰ পৰাই তাজমহলত পোহৰৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা হোৱা নাই।
আগ্ৰাৰ টুৰিষ্ট ৱেলফেয়াৰ চেম্বাৰৰ সম্পাদক বিশাল শৰ্মাই কয় যে প্ৰায় ৭৭ বছৰ আগতে যেতিয়া মিত্ৰশক্তিয়ে দ্বিতীয় বিশ্বযুদ্ধত জয়লাভ কৰিছিল, তেতিয়া তাজমহল বিভিন্ন পোহৰেৰে জ্বলি উঠিছিল।
ভাৰতে ১৫ আগষ্টত দেশৰ স্বাধীনতাৰ ৭৫ তম বাৰ্ষিকী উদযাপন কৰিব। ২০২১ চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা আজাদী কা অমৃত মহোৎসৱ ২০২৩ চনৰ ১৫ আগষ্টলৈকে চলিব যি হৈছে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ আৰু ইয়াৰ জনসাধাৰণ, সংস্কৃতি আৰু কৃতিত্বৰ গৌৰৱময় ইতিহাস উদযাপন আৰু স্মৰণ কৰাৰ এক প্ৰচেষ্টা।