কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভাচাতাপুত উদ্ধাৰ হোৱা মৃতদেহটো মাজুলীৰ ফেৰী দুৰ্ঘটনাত নিখোজ হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰা হৈছে।
যোৱা ৮ ছেপ্টেম্বৰৰ নিমাতীৰ ট্ৰেজিক ফেৰী দুৰ্ঘটনাত মহাবাহু ব্রহ্মপুত্রৰ বুকুত হেৰাই যোৱা ইন্দ্রেশ্বৰ বৰাৰ বেগটো শুকুৰবাৰে বিশ্বনাথত উদ্ধাৰ হৈছিল। পৰৱৰ্তী পৰ্যায়ত শনিবাৰে পুৱাই ইন্দ্রেশ্বৰ বৰাৰ মৃতদেহ বিশ্বনাথঘাটৰ ভাচাতাপুত উদ্ধাৰ হয়।
সোঁতত উটি অহা মৃতদেহটো ব্রহ্মপুত্রৰ মাজত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰক্ষীয়ে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। পকেটৰ পৰা উদ্ধাৰ হোৱা নথি-পত্ৰৰ সহায়তেই মৃতদেহটো ইন্দ্রেশ্বৰ বৰাৰ বুলি আৰক্ষীয়ে চিনাক্ত কৰে।
পৰিয়ালৰ লোকে প্ৰাথমিক পৰ্যায়তে মৃতদেহটো ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰাৰ পাছত নথি পত্ৰসমূহৰ পৰাও সেয়া নিশ্চিত হয়। অৱশেষত তিনিদিনৰ পাছত তেখেতৰ মৃতদেহ উদ্ধাৰ হ’ল।
দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনা ইন্দ্ৰেশ্বৰ বৰাই পত্নীৰ লগতে আন বহুকেইজন লোকৰ জীৱন ৰক্ষা কৰিছিল। অথচ নিষ্ঠুৰ নিয়তিৰ হাতত নিজেই হেৰাই গ’ল ত্ৰাণকৰ্তা মহান ব্যক্তিজন!