ভাৰতে শুকুৰবাৰে আমেৰিকাসহ পশ্চিমীয়া দেশসমূহৰ পৃষ্ঠপোষকতাত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ৰাছিয়াৰ বিৰুদ্ধে গ্ৰহণ কৰিব বিচৰা প্ৰস্তাৱত ভোট দিয়াৰ পৰা বিৰত থাকে ৷ অৱশ্যে ভোট দিয়াৰ পৰা বিৰত থাকিলেও ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিছে ভাৰতে ৷ ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতে কয় যে মতভেদ আৰু বিবাদ নিষ্পত্তি কৰাৰ বাবে আলোচনাই হৈছে একমাত্ৰ পথ ৷
উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত পশ্চিমীয়া দেশসমূহে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ বৈঠকত ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ নাটো বাহিনী ব্যৱহাৰৰ কৰ্তৃত্ব প্ৰদান কৰিবলৈ প্ৰস্তাৱ উত্থাপন কৰিছিল ৷ । স্থায়ী সদস্য ৰাছিয়াই ইয়াৰ ভেটো ব্যৱহাৰ কৰাৰ বাবে প্ৰস্তাৱটো গৃহীত নহ’ল ৷ ৰাষ্ট্ৰসংঘৰ 15 জনীয়া নিৰাপত্তা পৰিষদত, প্ৰস্তাৱটোৱে সপক্ষে ১১ টা ভোট লাভ কৰে ৷ ভাৰত, চীন আৰু আৰৱকে ধৰি তিনিখন দেশে ভোট প্ৰদানৰ পৰা বিৰত থাকে ৷
UNSC’s consideration of the draft resolution on Ukraine
📺Watch: India’s Explanation of Vote by Permanent Representative @AmbTSTirumurti ⤵️@MeaIndia pic.twitter.com/UB2L5JLuyS
— India at UN, NY (@IndiaUNNewYork) February 25, 2022
ভাৰতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ক্ষেত্ৰত কূটনৈতিক ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে ৷ ৰাছিয়াৰ কাৰ্যকলাপৰ কঠোৰ ভাষাৰে গৰিহণা দিলেও দেশখনৰ বিৰুদ্ধে ভোট দিয়াৰ পৰা বিৰত থাকে ভাৰত ৷ ভোটদানৰ আগতে আমেৰিকাই এইক্ষেত্ৰত ভাৰতৰ ওপৰত চাপ সৃষ্টি কৰিব বিচৰা পৰিলক্ষিত হৈছিল ৷বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদশিক সচিব এন্থনি ব্লিঙ্কেনে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে কথা পাতি ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰা আক্ৰমণক পূৰ্বপৰিকল্পিত আৰু অযুক্তিকৰ বুলি অভিহিত কৰাৰ লগতেএক শক্তিশালী সামূহিক সঁহাৰিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত টি এছ তিৰুমূৰ্তিয়ে ভাৰতৰ অনুপস্থিতিৰ বিষয়ে ব্যাখ্যা কৰি কয়, “ইউক্ৰেইনৰ শেহতীয়া ঘটনাৱলীক লৈ ভাৰত অত্যন্ত উদ্বিগ্ন ৷ তেওঁ কয় -৷”সকলো সদস্য ৰাষ্ট্ৰই আন্তৰ্জাতিক আইন আৰু ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰৰ নীতিসমূহক সন্মান জনোৱা উচিত ৷ কিয়নো এই নীতিসমূহে এক গঠনমূলক পথ প্ৰদান কৰে ৷”