ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনৰ ৫ঘণ্টীয়া ভাৰত ভ্ৰমণে দুয়োখন দেশৰ কূটনৈতিক সম্পর্ক আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ব বুলি আশা কৰা হৈছে ৷ কেইবাজনো গুৰুত্বপূর্ণ মন্ত্ৰীক লগত লৈ পুটিনৰ এই ভাৰত ভ্ৰমণৰ সময়ত স্বাক্ষৰ হৈছে বহুকেইখন চুক্তি ৷ হায়দৰাবাদ হাউচত অনুষ্ঠিত ব্লাডিমিৰ পুটিন আৰু নৰেন্দ্ৰ মোদীৰ বৈঠকত সোমবাৰে স্বাক্ষৰ কৰা হৈছে ২৮ খন চুক্তি ৷ বিশেষকৈ ৰাছিয়াৰ প্ৰতিৰক্ষা উন্নয়ন আৰু উৎপাদনৰ সহযোগী হোৱা সন্দর্ভত বিশেষভাবে আলোচনা কৰে ভাৰতে ৷
ৰাছিয়াৰ ৰাষ্ট্ৰপতিক ‘বন্ধু’ আখ্যা দি প্ৰধানমন্ত্ৰী মোদীয়ে এই বৈঠকৰ জৰিয়তে দুয়োখন দেশৰ বিশেষ আৰু মধুৰ সম্পর্ক অধিক শক্তিশালী হ’ল বুলি প্ৰকাশ কৰিছে ৷ আনহাতে, বৈদেশিক সচিব হর্ষ বর্ধন সিংলাই কয় যে এই বৈঠকৰ আটাইতকৈ গুৰুত্বপূর্ণ দিশটো হৈছে ১০ বছৰৰ বাবে দুয়োখন দেশৰ সামৰিক কাৰিকৰী অংশীদাৰীত্ব ৷ লগতে যুটীয়াভাবে মেক ইন ইণ্ডিয়া পদক্ষেপৰ অধীনত দুয়োখন দেশে এ কে ২০৩ এছ’ল্ট ৰাইফল নির্মান কৰিবলৈ লোৱা পৰিকল্পনা বৈঠক খনৰ অন্যতম গুৰুত্বপুর্ণ দিশ বুলিও তেওঁ অভিহিত কৰে ৷
এই ২+২ বৈঠকৰ সময়তে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও পৃথকে পৃথকে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছার্জে ছয়গু আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ছার্জে লেভ্ৰভৰ সৈতে বৈঠকত মিলিত হয় ৷