ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদমূলক কার্য-কলাপ চলাই অহা উগ্ৰবাদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে ৷ বিশেষকৈ পাকিস্তানৰ ভুমিত বাহৰ পাতি ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি অহা সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে চলাই আহিছে অভিযান ৷ পুনৰ পাকিস্তানৰ ৬ দুধর্ষ উগ্ৰবাদীক আজি নিষিদ্ধ ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰালয়ে ৷ বেআইনী কার্য-কলাপ প্ৰতিৰোধ আইনৰ অধীনত নিষিদ্ধ ঘোষণা কৰা উগ্ৰবাদীকেইজন হৈছে চাজ্জাদ গুল, আছিক আহমেদ নেংৰু, মুস্তাক আহমেদ জাৰ্গাৰ আকা লাটাৰাম, আৰজুমান্দ গুলজাৰ জান আকা হামজা বুৰহান, আলী কাশিফ জান, মহিউদ্দিন ঔৰঙ্গজেব আলমগীৰ আৰু হাফিজ তালহা ছৈয়দ। বেআইনী কার্য-কলাপ প্ৰতিৰোধ আইনৰ অধীনত মুঠ ৩৮ জন পাকিস্তানী সন্ত্ৰাসবাদীক নিষিদ্ধ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷
উল্লেখ্য যে শ্ৰীনগৰত জন্মগ্ৰহণ কৰা ৪৮ বছৰীয়া চাজ্জাদ গুলক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু ২০০২-২০০৭ চনলৈ পাঁচ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। তেওঁ ২০০৭ চনত শ্ৰীনগৰলৈ উভতি আহিছিল আৰু ইনষ্টিটিউট অৱ চাৰ্টাৰ ফাইনেন্স এণ্ড একাউণ্টেন্সিৰ কৰণ নগৰত থকা শাখাৰ মুৰব্বী হিচাপে যোগদান কৰিছিল। তাৰ পিছত তেওঁ ২০১১ চনত পাকিস্তান ভ্ৰমণ কৰে আৰু সেই সময়ত এল ই টি কৰ্মীসকলৰ সংস্পৰ্শলৈ আহে ৷ জম্মু-কাশ্মীৰৰ বিভিন্ন সন্ত্ৰাসবাদী ঘটনাত জড়িত থকাৰ বাবে ভাৰতে জে ই এমৰ কমাণ্ডাৰ নেংৰুক সন্ত্ৰাসবাদী হিচাপে নিষিদ্ধ কৰে ।