শীর্ষ ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি সাংবাদিকলৈকে পেগাচাছ নামৰ ছফটৱেৰৰ জৰিয়তে কেন্দ্রই নজৰত ৰখা বুলি প্ৰকাশিত তথ্যই দেশজুৰি বিতর্কৰ সুচনা কৰিছিল ৷ ইজৰাইলৰ পৰা প্ৰতিৰক্ষা চুক্তিৰ অধীনত এই ছফটৱেৰ ক্ৰয় কৰিছিল ভাৰতে ৷ এই তথ্য প্ৰকাশ কৰিছে আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ পত্ৰ নিউয়র্ক টাইমছে ৷ এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ইজৰাইলৰ স্পাইৱেৰ পেগাচাছ আৰু এটা মিছাইল প্ৰণালী ২০১৭ চনত ভাৰত আৰু ইজৰাইলৰ মাজত হোৱা প্ৰায় ২ বিলিয়ন আমেৰিকান ডলাৰৰ অত্যাধুনিক অস্ত্ৰ আৰু চোৰাংচোৱা সঁজুলিৰ চুক্তিৰ অধীনত প্ৰদান কৰা হৈছিল ৷
উল্লেখ্য যে চৰকাৰে পেগাচাছ ছফ্টৱেৰ ব্যৱহাৰ কৰি ভাৰতকে ধৰি কেইবাখনো দেশৰো সাংবাদিক, মানৱ অধিকাৰ কর্মী, ৰাজনীতিবিদ আৰু আনসকলৰ ওপৰত চোৰাংচোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৷ নিউয়র্ক টাইমছে পূর্বেও এক প্ৰতিবেদনত প্ৰকাশ কৰিছিল যে ইজৰাইলী প্ৰতিষ্ঠান এনএছঅ’ গ্ৰুপে প্ৰায় এক দশক ধৰি বিশ্বজুৰি এই নিৰীক্ষণ চফটৱেৰ বিক্ৰী কৰি আহিছে ৷ ব্যক্তিগত কোম্পানী ,চোৰাংচোৱা সংস্থা কোনেও তেওঁলোকৰ ছফটৱেৰৰ দৰে কাম কৰিব নোৱাৰে বুলি প্ৰকাশ কৰি আহিছে ৷ যিকোনো আইফোন বা এণ্ড্ৰইড স্মাৰ্টফোনৰ এনক্ৰিপ্ট কৰা এই ছফটৱেৰৰ সহায়ত সকলো তথ্য লাভ কৰিব পাৰি বুলি প্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোৱে ৷ ইতিমধ্যে পেগাচাছ বিতর্কই স্পর্শ কৰিছে উচ্চতম ন্যায়ালয়ৰ মজিয়া ৷