লাডাখৰ সংঘর্ষকলৈ ভাৰত আৰু চীনৰ মাজত অনুস্থিত ১৩ সংখ্যক কামাণ্ডাৰ পর্যায়ৰ বৈঠক বিফল হৈছে৷ এই কথা প্ৰকাশ কৰিছে ভাৰতীয় সেনাই৷ এই সর্ন্দভত ভাৰতীয় সেনাই কয় যে লাডাখৰ বাকী থকা সীমামূৰীয়া অঞ্চলৰ সমস্যাসমূহ সমাধানৰ বাবে ভাৰতৰ ফালৰ পৰা কেইবাটাও গঠনমুলক পৰামর্শ আগবঢ়োৱা হৈছিল যদিও চীনে সেয়া গ্ৰহণ কৰিবলৈ অমান্তি প্ৰকাশ কৰে৷ তদুপৰি চীনে কোনোধৰনৰ নতুন প্ৰস্তাৱ প্ৰদান নকৰিলে, যাৰ বাবে কালিৰ বৈঠকত কোনোধৰনৰ নতুন প্ৰস্তাৱ গ্ৰহণ কৰা ন’হল৷ অবশ্যে কালিৰ বৈঠক বিফল হ’লেও আগলৈ দয়োপক্ষৰ মাজত আলোচনা অব্যাহত থাকিব বুলি সেনাবাহিনীয়ে প্ৰকাশ কৰিছে৷কালি ৮ ঘন্টাজোৰা বৈঠকত ভাৰতীয় সেনাই পূব লাডাখৰ সীমান্ত অঞ্চলৰ পৰা সেনা আঁতৰাবলৈ প্ৰস্তাৱ দিছিল৷ দুমাহ পূর্বে অনুষ্ঠিত বৈঠকৰ সিদ্ধান্ত অনুসৰি গোগ্ৰা অঞ্চলৰ পৰা দুয়োপক্ষই সেনা প্ৰত্যাহাৰ কৰিছিল৷
উল্লেখ্য যে বর্তমান লাইন অব একচুৱেল ক’ণ্ট্ৰোলৰ স্পর্শকাতৰ অঞ্চলসমুহত ভাৰত আৰু চীনৰ দুয়োপক্ষৰে ৫০,০০০ ৰ পৰা ৬০,০০০ পর্যন্ত সেনা আছে৷উত্তৰাখণ্ডৰ বাৰাহোতি আৰু অৰুণাচলৰ তাৱাঙত চীনা সৈণ্যই আগ্ৰাসন চলোৱা পাছত দুয়োখন দেশৰ মাজত কামাণ্ডৰ পর্যায়ৰ বৈঠকখন অনুস্থিত হৈছিল৷