বিভিন্ন ক্ষেত্ৰৰ লগতে দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰখনতো আত্মনির্ভৰ হোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে ৷ ইয়াৰ প্ৰতিফলন দেখা গৈছে শেহতীয়া বাজেটত ৷ এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ‘প্ৰতিৰক্ষাত আত্মনির্ভৰতা – কল টু একচন’ শীৰ্ষক এখন ৱেবিনাৰ সম্বোধন কৰি প্ৰতিৰক্ষা খণ্ডত ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ দিশত অৱদান আগবঢ়োৱাত ২০২২-২৩ বৰ্ষৰ বাজেটৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় “যোৱা কেইবছৰমানত ভাৰতে ইয়াৰ প্ৰতিৰক্ষা খণ্ড আত্মনির্ভৰশীল কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। এই বছৰৰ বাজেটতো ইয়াৰ প্ৰতিফলন পৰিলক্ষিত হৈছে ৷”ব্ৰিটিছৰ শাসনকালত আৰু স্বাধীনতাৰ পিছতো প্ৰতিৰক্ষা ব্যৱস্থাৰ সা-সৰঞ্জাম নির্মাণৰ ক্ষেত্ৰত ভাৰত আগবঢ়া আছিল বুলিও প্ৰধানমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷
তেওঁ কয় “দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভাৰতত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পৰৱৰ্তী সময়ত এই শক্তি দুৰ্বল হৈ পৰিছিল ৷ কিন্তু ভাৰতত কেতিয়াও সামৰ্থ্যৰ অভাৱ হোৱা নাছিল ৷ “ আত্মনির্ভৰ অভিযান সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যেতিয়া ভাৰতে আন দেশৰ পৰা অস্ত্ৰ-শস্ত্ৰ আমদানি কৰে, তেতিয়া ইয়াৰ প্ৰক্ৰিয়া ইমান দীঘলীয়া হয় যে বহুতো অস্ত্ৰ-শস্ত্ৰ নিৰাপত্তা বাহিনীয়ে লাভ কৰালৈকে সেইসমূহ পুৰণি হৈ যায়। ইয়াৰ একমাত্ৰ সমাধান হৈছে আত্মনির্ভৰ ভাৰত অভিযান আৰু মেক ইন ইণ্ডিয়া।সুৰক্ষাৰ বিষয়ৰ মূল আধাৰ হৈছে যে নিজৰ পৰিস্থিতিৰ সৈতে খাপ খোৱা আৰু অনন্য সুবিধাৰ অস্ত্ৰ-শস্ত্ৰ থাকিব লাগে ৷ যদি ১০ খন দেশৰ ওচৰত একে ধৰণৰ প্ৰতিৰক্ষা সঁজুলি থাকে তেনেহ’লে আমাৰ প্ৰতিৰক্ষা বাহিনীৰ কোনো স্বকীয়তা নাথাকিব। স্বকীয়তা আৰু হতচকিত কৰিব পৰা অস্ত্ৰ- শস্ত্ৰ তেতিয়াহে সম্ভৱ যেতিয়া নিজৰ দেশত সঁজুলি উৎপাদন কৰা হ’ব ৷” প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যোৱা পাঁচ-ছয় বছৰত ভাৰতে প্ৰতিৰক্ষা ৰপ্তানি ছয়গুণ বৃদ্ধি কৰিছে।প্ৰতিৰক্ষা মন্ত্ৰালয়ে এতিয়ালৈকে ২০০ তকৈও অধিক প্ৰতিৰক্ষামূলক ব্যৱস্থা আৰু সঁজুলিৰ স্বদেশীকৰণ তালিকা প্ৰকাশ কৰিছে। এই তালিকা ঘোষণাৰ পিছতে ঘৰুৱাভাৱে উৎপাদিত প্ৰতিৰক্ষা সঁজুলিৰ ক্ৰয়ৰ বাবে প্ৰায় ৫৪ হেজাৰ কোটি টকাৰ চুক্তি স্বাক্ষৰিত হৈছে। ইয়াৰ উপৰিও, ৪.৫ লাখ কোটি টকাৰ অধিক মূল্যৰ প্ৰতিৰক্ষা সঁজুলিৰ ক্ৰয় প্ৰক্ৰিয়া বিভিন্ন পৰ্যায়ত আছে। তৃতীয় তালিকাখন শীঘ্ৰেই প্ৰকাশ কৰা হ’ব ৷ মেক ইন ইণ্ডিয়া অভিযানৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে “মেক ইন ইণ্ডিয়ালৈ চৰকাৰৰ উৎসাহৰ ফলস্বৰূপে যোৱা সাত বছৰত প্ৰতিৰক্ষা উৎপাদনৰ বাবে ৩৫০ খনতকৈও অধিক নতুন ঔদ্যোগিক অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে ৷ ২০০১ চনৰ পৰা ২০১৪ চনলৈ ২০০ খন অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছিল।” প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই ৱেবিনাৰৰ সামৰণি অধিৱেশনত সভাপতিত্ব কৰে ৷