স্বাস্থ্য গৱেষণাৰ ক্ষেত্ৰত ভাৰতে আজি এক নতুন অধ্যায় ৰচনা কৰিব ৷ ভাৰতত থলুৱাভাৱে নির্মাণ কৰা প্ৰথমটো জৰায়ু কর্কট ৰোগৰ ভেকচিন আজি মুকলি কৰা হ’ব ৷ এই নতুন ভেকচিন বিধৰ নাম দিয়া হৈছে কোৱাড্ৰিভেলেণ্ট হিউমেন পেপিলোমাভাইৰাছ ভেকচিন(Quadrivalent Human Papillomavirus vaccine ) ৷এই ভেকচিনটো মুকলি কৰিব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে ৷
ভাৰতীয় ড্ৰাগছ কণ্ট্ৰ’লাৰ জেনেৰেলে (ডিচিজিআই) ১২ জুলাইত ভাৰতীয় ছিৰাম ইনষ্টিটিউট (এছআইআই)কথলুৱাভাৱে প্ৰস্তুত কৰা ভেকচিনত অনুমোদন প্ৰদান কৰিছিল। ভাৰতত ১৫ৰ পৰা ৪৪ বছৰ বয়সৰ ভিতৰৰ মহিলা এই কর্কট ৰোগত আক্ৰান্ত হোৱাৰ প্ৰৱণতা অত্যাধিক বেছি ৷
থলুৱাভাৱে নির্মিত ভেকচিন বিধৰ নজনা কিছু কথাঃ
জৰায়ু কর্কটৰ ভেকচিন কোৱাড্ৰিভেলেণ্ট হিউমেন পেপিলোমা ভাইৰাছ ভেকচিন (qHPV) ভাৰতীয় ছিৰাম ইনষ্টিটিউট আৰু বায়’টেকন’লজি বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে। এই ভেকচিন শক্তিশালী এন্টিব’ডি সঁহাৰি প্ৰদৰ্শন কৰিছে ৷
প্ৰতিষেধক সম্পৰ্কীয় ৰাষ্ট্ৰীয় কাৰিকৰী পৰামৰ্শদাতা গোটৰ অধ্যক্ষ ডাঃ এন কে আৰোৰাই কয়, “এয়া অতি ফলপ্ৰসূ আৰু জৰায়ুৰ কর্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে ৷ কাৰণ ৮৫%ৰ পৰা ৯০% ৰোগীৰ জৰায়ুৰ কর্কট ৰোগ এই বিশেষ ভাইৰাছৰ বাবেই হয় ৷এই ভেকচিন সেই ভাইৰাছ ধ্বংস কৰিবলৈ প্ৰস্থুত কৰা হৈছে । গতিকে, আমি যদি আমাৰ সন্তানক সৰুতে এই ভেকচিন দিও তেনেহ’লে তেওঁলোকক ৩০ বছৰৰ পিছত সুৰক্ষিত কৰিব পাৰিম ৷ “
এই ভেকচিন বহুত সুলভ মূল্যত উপলব্ধ হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান জৰায়ু কর্কটৰ ভেকচিনৰ বাবে ভাৰত সম্পূৰ্ণৰূপে বিদেশী প্ৰস্তুতকাৰীৰ ওপৰত নিৰ্ভৰশীল। তিনিটা বিদেশী কোম্পানীয়ে এইচ পি ভি ভেকচিন প্ৰস্তুত কৰে যাৰ ভিতৰত দুটা প্ৰতিষ্ঠানে ভাৰতত এই ভেকচিন বিক্ৰী কৰে। বজাৰত উপলব্ধ ভেকচিনৰ প্ৰতিটো ড’জৰ দাম ৪ হাজাৰ টকাতকৈ অধিক বুলি সূত্ৰটোৱে পিটিআইক জনায়। সংবাদ সংস্থা পিটিআইক জনোৱা মতে, স্বাস্থ্য মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় প্ৰতিষেধক কাৰ্যসূচীৰ অধীনত ৯-১৪ বছৰ বয়সৰ ছোৱালীক এই ভেকচিন প্ৰদান কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে।
ইয়াৰ পূৰ্বে ১ আগষ্টত চিৰাম ইনষ্টিটিউটে কেন্দ্ৰক জনাইছিল যে অহা ডিচেম্বৰৰ ভিতৰত ১ কোটি ড’জ ভেকচিন যোগান ধৰিব পাৰিব।বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০১৯ চনৰ পৰা ভাৰতত জৰায়ুৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪১,৯১,০০০ মহিলা।