আগন্তুক গণৰাজ্য দিৱসৰ কার্যসূচীত অতিথি হিচাপে উপস্থিত থাকিব পাৰে মধ্য এছিয়াৰ ৫ ৰাষ্ট্ৰৰ মুৰব্বী ৷ কাজাখাস্তান,উজবেকিস্তান,তাজিকিস্তান,তুর্কমেনিস্তান আৰু কির্গিস্তানৰ ৰাষ্ট্ৰপ্ৰধানক অতিথি হিচাপে আমন্ত্ৰন জনোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ভাৰতে ৷ ইতিমধ্যে এই সন্দর্ভত অনানুষ্ঠানিকভাৱে যোগাযোগ আৰম্ভ কৰা হৈছে ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এচ জয়শংকৰে পৰৱর্তী সপ্তাহৰ ভিতৰত ৰাষ্ট্ৰপ্ৰধানসকলৰ সৈতে আনুষ্ঠানিকভাৱে আলোচনা আৰম্ভ কৰিব ৷ সকলো ঠিকেঠাকে থাকিলে আটাইকেউখন ৰাষ্ট্ৰপ্ৰধান অহা গণতান্ত্ৰিক দিৱসৰ কার্যসূচীত উপস্থিত থাকিব ৷ আফগানিস্তানৰ সমীপৱর্তী দেশ হোৱাৰ বাবে অঞ্চলটোত হোৱা ৰাজনৈতিক পৰিৱর্তনৰ বাবে বিশেষ গুৰুত্বপূর্ন হিচাপে বিবেচিত হৈছে তেওঁলোকক আমন্ত্ৰন জোৱাৰ বাবে লোৱা ভাৰতৰ পদক্ষেপ ৷ বিশেষকৈ আফগানিস্তানৰ শাসনভাৰ তালিবানৰ হাতলৈ যোৱাৰ পাছত এই ৰাষ্ট্ৰকেইখনৰ মুৰব্বীক আমন্ত্ৰন জনাবলৈ দিল্লীয়ে চলোৱা প্ৰস্তুতি বিশেষ তাৎপর্যপূর্ণ হিচাপে বিবেচিত হিছে ৷