পাকিস্তানৰ ৩৫ টা ইউটিউব চেনেল আৰু দুটা ৱেবছাইট বন্ধ হ’ল ভাৰতত ৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ভাৰত বিৰোধী প্ৰচাৰ চলাই থকাৰ লগতে ভুৱা বাতৰি প্ৰকাশ কৰি থকাৰ বাবেই এই ইউটিউব চেনেলসমুহ বন্ধৰ নির্দেশ দিছে ৷ ভাৰত বিৰোধী অপপ্ৰচাৰ চলাই অহা দুটা টুইটাৰ একাউণ্ট, দুটা ইনষ্টাগ্ৰাম একাউণ্ট আৰু এটা ফেচবুক একাউণ্ট বন্ধ কৰাৰো নিৰ্দেশ জাৰি কৰিছে মন্ত্ৰালয়ে ৷ এই সমুহ ইউটিউব চেনেল, ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া একাউণ্ট পাকিস্তানৰ পৰা সংবেদনশীল বিষয়ত ভাৰত বিৰোধী ভুৱা বাতৰি আৰু অন্যান্য সমল প্ৰচাৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল ৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰই শুকুৰবাৰে এক সংবাদমেলত কয়, ” জৰুৰীকালীন ব্যৱস্থাৰ অধীনত এই চেনেলসমূহ বন্ধ কৰিবলৈ তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৯ এৰ অধীনত নির্দেশ দিয়া হৈছে ৷ কিয়নো তেওঁলোকৰ চেনেলসমূহৰ সমল সম্পূৰ্ণৰূপে বিষাক্ত আৰু ভাৰতৰ সাৰ্বভৌমত্বৰ বিৰোধী ৷ এয়া ভাৰতৰ বিৰুদ্ধে এক প্ৰকাৰৰ ভুল তথ্যৰ যুদ্ধ।” পাকিস্তানৰ ছ’চিয়েল মিডিয়া একাউণ্ট আৰু ৱেবছাইটসমূহ বন্ধ কৰিবলৈ তথ্য প্ৰযুক্তি বিধিৰ অধীনত সংশ্লিষ্ট মধ্যস্থতাকাৰী, ইণ্টাৰনেট সেৱা প্ৰদান আৰু দূৰসংযোগ বিভাগক পাঁচটা পৃথক নির্দেশনা জাৰি কৰা হৈছিল।
সচিবজনে কয় যে ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে এই ছ’চিয়েল মিডিয়া একাউণ্ট আৰু ৱেবছাইটবোৰ নিৰীক্ষণ কৰি আহিছিল আৰু তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে মন্ত্ৰালয়ক পৰামর্শ প্ৰদান কৰিছিল ৷ পাকিস্তানৰ পৰা পৰিচালনা কৰি থকা ৩৫ টা ইউটিউব একাউণ্টৰ মুঠ গ্ৰাহকৰ সংখ্যা আছিল ১.২০ কোটিতকৈও অধিক ৷ তদুপৰি তেওঁলোকৰ ভিডিঅ’সমূহত ১৩০ কোটিৰো অধিক ভিউজ লাভ কৰিছিল ৷ সচিবজনে লগতে কয় যে ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে এতিয়া এই বিষয়টোৰ ওপৰত নজৰ ৰাখিছে আৰু অনাগত দিনত এনে ধৰণৰ অধিক চেনেল বন্ধ কৰা হ’ব ৷ তেওঁ লগতে ভাৰত বিৰোধী প্ৰচাৰ চলাই থকা কোনো ইউটিউব চেনেল, ৱেবছাইট বা ছ’চিয়েল মিডিয়া একাউণ্ট দেখিলে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈও আহ্বান জনায়।যোৱা বছৰ ডিচেম্বৰত মন্ত্ৰালয়ে জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে ভাৰত বিৰোধী প্ৰচাৰ আৰু ভুৱা বাতৰি প্ৰচাৰ কৰি থকাৰ বাবে