হেনলি পাছপ’ৰ্ট ইনডেক্সে প্ৰকাশ কৰা শেহতীয়া ৰেংকিঙ অনুসৰি ভাৰতীয় পাছপ’ৰ্টক ৮০ নম্বৰ স্থানত ৰখা হৈছে ৷ ২০২২ চনত থকা স্থানৰ পৰা পাঁচটা স্থান আগুৱাই অহা পাছপ’র্টৰ জৰিয়তে ভাৰতীয়সকলে এতিয়া ভিছা অবিহনে ৫৭টা গন্তব্যস্থানলৈ যাত্ৰা কৰিব পাৰিব। ভাৰতৰ পাছপ’র্টৰ ৰেংক ট’গো আৰু চেনেগালৰ দৰে দেশৰ সৈতে একেলগে ৰখা হৈছে ৷
ভাৰতীয় পাছপ’ৰ্টধাৰীসকলে ইণ্ডোনেছিয়া, থাইলেণ্ড, ৰুৱাণ্ডা, জামাইকা, আৰু শ্ৰীলংকাৰ দৰে দেশলৈ ভিছা অবিহনে আৰু আগমনৰ সময়ত ভিছাৰ সুবিধা লাভ কৰিলেও সমগ্ৰ বিশ্বৰ ১৭৭টা গন্তব্যস্থানত প্ৰৱেশ কৰিবলৈ তেওঁলোকক এতিয়াও ভিছাৰ প্ৰয়োজন হ’ব । ইয়াৰে কিছুমান দেশৰ ভিতৰত আছে চীন, জাপান, ৰাছিয়া, আমেৰিকা, ইউৰোপীয় সংঘৰ দেশ আদি ।
ইফালে, জাপানৰ ঠাইত ছিংগাপুৰে বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপ’ৰ্ট হিচাপে স্বীকৃতি লাভ কৰিছে ৷ এই দেশৰ লোকসকলে ১৯২টা বিশ্বব্যাপী গন্তব্যস্থানত ভিছাবিহীনভাৱে প্ৰৱেশৰ সুবিধা লাভ কৰিব ৷
পাঁচ বছৰ শীৰ্ষত থকাৰ পিছত জাপানৰ পাছপ’ৰ্টে ভিছা অবিহনে প্ৰৱেশ কৰিব পৰা গন্তব্যস্থানৰ সংখ্যা হ্ৰাস পোৱাত তৃতীয় স্থানলৈ অৱনমিত হয় ৷ প্ৰায় এদশক পূৰ্বে এসময়ত এই ৰেংকিঙৰ শীৰ্ষস্থান দখল কৰা আমেৰিকাই দুটা স্থান হ্ৰাস পাই অষ্টম স্থানত উপনীত হয়। ব্ৰেক্সিটৰ ফলত হোৱা অৱনতিৰ পিছত ব্ৰিটেইনে দুটা স্থান জপিয়াই চতুৰ্থ স্থানত উপনীত হয় ৷
উল্লেখযোগ্য যে মূলতঃ ড° খ্ৰীষ্টিয়ান এইচ কেলিনে নিৰ্মাণ কৰা হেনলি পাছপ’ৰ্ট সূচকাংক আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ কৰ্তৃপক্ষই (আইএটিএ) প্ৰদান কৰা তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে ৷ ইয়াত ১৯৯খন পাছপ’ৰ্ট আৰু ২২৭টা গন্তব্যস্থান সামৰি লোৱা হৈছে।