ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰিবলৈ মধ্যস্থতাৰ ভূমিকা পালন কৰিবলৈ সাজু ভাৰত। জাৰ্মানীৰ এখন দৈনিক কাকতক দিয়া সাক্ষাৎকাৰত এই ইংগিত দিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে।তেওঁ এইটো ইংগিত দিয়ে যে ভাৰতে নিজাববীয়াকৈ কোনো পদক্ষেপ গ্ৰহণ নকৰে। কিন্তু যদিহে এই প্ৰস্তাৱ ভাৰতলৈ আহে তেন্তে ইয়াক ইতিবাচক দৃষ্টিৰে চোৱা হ’ব।
তেওঁ কয় -, “আমি ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলোৱাৰ বাবে গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ আৰু বিশ্বাস কৰোঁ যে ই এদিন শেষ হ’ব। এই সংঘাতৰ বাবেই সকলোৱে ক্ষতিগ্ৰস্ত হয়। কিন্তু এই যুদ্ধ কেনেকৈ শেষ হ’ব মই সঠিকভাৱে নাজানো। আমি জানিব পৰাকৈ গোটেই প্ৰক্ৰিয়াটোৰ গভীৰতালৈ যোৱা নাই।” এই যুদ্ধৰ ফলত ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানি কৰাৰ বিষয়টো উত্থাপন কৰি বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়, “ইউক্ৰেইনৰ যুদ্ধৰ পিছত ইউৰোপে তেওঁলোকৰ তেল ৰপ্তানিৰ বাবে পূব এছিয়ালৈ মুখ কৰিলে। আমি কি কৰিম? বহু ক্ষেত্ৰত পূব এছিয়াই ইউৰোপক বেছি পছন্দ কৰে কাৰণ তেওঁলোকে অধিক মূল্য দিবলৈ সক্ষম। অন্যথা হয় আমি দীঘলীয়া শাৰীৰ বাবে তেল কিনা বন্ধ কৰিব লাগিব, নহয় ইউৰোপৰ দৰে উচ্চ দাম দিব লাগিব।”
আৰু কেইদিনমানৰ পাছত ইউক্ৰেইনত ৰাছিয়াই আক্ৰমণ কৰাৰ দুবছৰ পূর্ণ হ’ব। ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্লাদিমিৰ পুটিনে এই আক্ৰমণ আৰম্ভ কৰিছিল।