গড় হিচাপতকৈ কম পৰিমাণৰ বৰষুণৰ বাবে শস্যৰ উৎপাদন হ্ৰাস পোৱাৰ আশংকা কৰি বিশ্বৰ সৰ্ববৃহৎ চাউল ৰপ্তানিকাৰী দেশ ভাৰতে বৃহস্পতিবাৰে খুদ চাউলৰ ৰপ্তানি নিষিদ্ধ কৰাৰ লগতে বিভিন্ন প্ৰকাৰৰ চাউলৰ ৰপ্তানিৰ ওপৰত ২০% শুল্ক আৰোপ কৰে।ঘৰুৱা চাহিদা পুৰণ আৰু দাম বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ভাৰতে ১৫০ খনতকৈও অধিক দেশলৈ চাউল ৰপ্তানি কৰে ৷ তদুপৰি নতুন শুল্কই ক্ৰেতাসকলক ভাৰতৰ পৰা চাউল ক্ৰয় কৰাৰ পৰা নিৰুৎসাহিত কৰাৰ সম্ভাৱনা আছে ৷ ইয়াৰ বিপৰীতে তেওঁলোকে থাইলেণ্ড আৰু ভিয়েটনামৰ পৰা চাউল ক্ৰয় কৰাৰ সম্ভাৱনা আছে ৷ অহা ৯ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’বলগীয়া ৰপ্তানি শুল্কৰ আওতাত নাহিব বাচমতি আৰু উখোৱা চাউল ৷
নতুন দিল্লীয়ে খুদ চাউলৰ ৰপ্তানি সম্পূর্ণ নিষিদ্ধ কৰিছিল ৷ আফ্ৰিকাৰ কেইখনমান দৰিদ্ৰ দেশে খুদ চাউল আমদানি কৰে ৷ এই শুল্কৰ ফলত ভাৰতৰ ৰপ্তানিৰ ৬০%তকৈ অধিক হোৱা বগা আৰু বাদামী চাউলৰ ওপৰত প্ৰভাৱ পৰিব বুলি সদৌ ভাৰতীয় চাউল ৰপ্তানিকাৰী সন্থাৰ সভাপতি বি.ভি.কৃষ্ণ ৰাওৱে জানিবলৈ দিয়ে। বিশ্বৰ বজাৰত ৪০%তকৈ অধিক চাউল ভাৰতে ৰপ্তানি কৰে ৷ থাইলেণ্ড, ভিয়েটনাম, পাকিস্তান আৰু ম্যানমাৰৰ সৈতে ভাৰতৰ চাউলৰ চাহিদা আটাইতকৈ বেছি ৷
পশ্চিমবংগ, বিহাৰ আৰু উত্তৰ প্ৰদেশৰ দৰে মূল ধান উৎপাদনকাৰী ৰাজ্যসমূহত গড় হিচাপতকৈ কম বৰষুণে ভাৰতৰ ধান উৎপাদনক লৈ উদ্বেগৰ সৃষ্টি কৰিছে। ইতিমধ্যে দেশত চলিত বৰ্ষত ঘেঁহু ৰপ্তানি নিষিদ্ধ কৰাৰ লগতে চেনিৰ ৰপ্তানিতো বাধা আৰোপ কৰা হৈছে।
ভাৰতৰ সৰ্ববৃহৎ চাউল ৰপ্তানিকাৰক সত্যম বালাজীৰ কাৰ্যবাহী সঞ্চালক হিমাংশু আগৰৱালাই কয় যে এই শুল্কৰ বাবেই অনাগত মাহত ভাৰতৰ ৰপ্তানি কমেও ২৫% হ্ৰাস পাব। ভাৰতৰ চাউল ৰপ্তানি ২০২১ চনত অভিলেখসংখ্যক ২১.৫ মিলিয়ন টন স্পৰ্শ কৰিছিল ৷