ভাৰতে পুনৰ সফলভাৱে পৰীক্ষণ সম্পূর্ণ কৰিলে আন এটা মিছাইলৰ ৷ ওড়িষাৰ বালাছোৰৰ উপত্যকাত সফলভাৱে পৰীক্ষণ কৰা হয় অগ্নি প্ৰাইম মিছাইলৰ ৷নতুনকৈ পৰীক্ষণ সম্পন্ন কৰা এই মিছাইলটো হৈছে অগ্নি শ্ৰেণী মিছাইলৰ নিউ জেনেৰেচন উন্নত প্ৰযুক্তিসম্পন্ন্ মিছাইল ৷ এই মিছাইলটোৰ সক্ষমতা হৈছে ১০০০ ৰ পৰা ২০০০ কিল’মিটাৰ পর্যন্ত ৷ অগ্নি প্ৰাইম মিছাইলৰ এয়া হৈছে দ্বিতীয়টো পৰীক্ষা ৷ বালাছোৰৰ এ পি জে আব্দুল কালাম দ্বীপত আজি দিৰ ১১ বজাত এই মিছাইলটোৰ পৰীক্ষা সম্পনন্ন কৰা হয়৷ পাৰমাণৱিক শক্তিসম্পন্ন এই মিছাইলটোত কেইবাটাও নতুন সা-সুবিধা সংযোজন কৰা হৈছে ৷ অগ্নি শ্ৰেণীৰ প্ৰথম পৰীক্ষণ যোৱা ২৮ জুনত সম্পন্ন কৰা হৈছিল ৷ এই পৰীক্ষণৰ সফল পৰীক্ষণৰ পাছতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰতিৰক্ষা আৰু গৱেষণা বিকাশ প্ৰতিষ্ঠান চমুকৈ ডিআৰডিঅ’ ক অভিনন্দন জ্ঞাপন কৰে ৷
নতুন বেলিষ্টিক মিছাইলটো অগ্নি ৩ তকৈ ৫০ শতাংশ পাতল ৷ এই মিছাইলটো ৰে’ল আৰু ৰাস্তাৰ পৰা প্ৰক্ষেপ কৰিব পৰা যাব ৷তদুপৰি ইয়াক দীর্ঘ সময়ৰ বাবে সংৰক্ষিত কৰি ৰাখিব পৰা যায় আৰু দেশৰ যিকোনো প্ৰান্তলৈ ইয়াক সহজে পৰিবহণ কৰিব পাৰা যা্য ৷