আৰবীয়ান দেশসমূহলৈ খাদ্যসামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত শীর্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ভাৰতে ৷ বিগত ১৫ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ভাৰতে ব্ৰাজিলক পিছ পেলাই শীর্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ আৰব –ব্ৰাজিল চেম্বাৰ অৱ কমার্চে প্ৰকাশ কৰা তথ্য অনুসৰি ক’ভিডৰ বাবে হোৱা বানিজ্যিক ব্যাঘাতৰ বাবে ব্ৰাজিলক পিচ পেলাবলৈ সক্ষম হৈছে ভাৰতে ৷
ব্ৰাজিলৰ আতাইতকৈ গুৰুত্বপূর্ণ বাণিজ্যিক অংশীদাৰীসকলৰ অন্যতম হৈছে আৰবীয় দেশসমুহ ৷কিন্তু আৰব আৰু ব্ৰাজিলৰ মাজৰ দূৰত্ব অধিক হোৱাৰ বাবে মহামাৰীৰ সময়ত দেশ দুখনৰ মাজত বাণিজ্যিক যোগাযোগত কিছু ব্যাঘাত জন্মে ৷
আৰবে আমদানি কৰা কৃষিজাত সামগ্ৰীৰ ভিতৰত যোৱা বছৰ ৮.১৫ শতাংশ যোগান ধৰিছে ব্ৰাজিলে ৷ ইয়াৰ বিপৰীতে ভাৰতে যোগান ধৰা কৃষিজাত সামগ্ৰীৰ পৰিমান হৈছে ৮.২৫ শতাংশ ৷ আৰবৰ উপৰি তুৰস্ক, মার্কিন যুক্তৰাষ্ট্ৰ,ফ্ৰান্স আর্জেণ্টিনালৈ খাদ্যসামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰতো ভাৰততকৈ পিছ পৰিছে ব্ৰাজিল ৷ ক’ভিডৰ বাবে ব্ৰাজিলৰ পৰম্পৰাগত যোগান ব্য়ৱস্থাত ব্য়াপক প্ৰভাৱ পেলাইছিল ৷ ব্ৰাজিলৰ পৰা পৰম্পৰাগত পথেৰে খাদ্যসামগ্ৰী প্ৰেৰণ কৰিবলৈ পূর্বে সময় লাগিছিল ৩০ দিন ৷ কিন্তু বর্তমান এই সময় ৬০ দিনলৈ বৃদ্ধি পাইছে ৷ কিন্তু ভৌগোলিক সুবিধাৰ বাবে এক সপ্তাহৰ ভিতৰতে আৰবলৈ ফল- মূল, শাক-পাচলি , চেনি , মাংস আদি ৰপ্তানি কৰিব পাৰে ভাৰতে ৷
আনহাতে এসপ্তাহ ধৰি কয়লাখনিটোত কাম কৰাৰ পাছত শনিবাৰে ৩ বজাত ঘৰ অভিমুখে ৰাওনা হৈছিল বুলি তেওঁ সদৰী কৰে ৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত দিয়া এক সাক্ষাৎকাৰত যুৱকজনে প্ৰকাশ কৰা অনুসৰি তেওঁলোকক ৰখিবলৈ কোনোধৰণৰ সংকেত দিয়া হোৱা নাছিল ৷