ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰাৰ পাছতে ৰাছিয়াৰ ওপৰত বিভিন্ন দেশে আৰোপ কৰিছে নিষেধাজ্ঞা ৷ ইয়াৰ মাজতে ৰাছিয়াৰ পৰা তেল আমদানি কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে ভাৰতে ৷ কিন্তু ইয়াৰ বাবে ভাৰতে বিচাৰিছে বৃহৎ পৰিমানৰ ৰেহাই ৷
দুয়োখন দেশৰ মাজত হোৱা এক উচ্চ পৰ্যায়ৰ আলোচনাত প্ৰতি বেৰেল তেল ৭০ ডলাৰতকৈয়ো কম মূল্যত ৰাছিয়াই বিক্ৰী কৰাটো বিচাৰিছে ভাৰতে ৷ যিসময়ত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ প্ৰতি বেৰেলৰ বর্তমান মূল্য হৈছে ১০৫ ডলাৰ ৷
ইউক্ৰেইন আক্ৰমণৰ পিছত ভাৰতে ৰাছিয়াৰ পৰা ৪০ নিযুত বেৰেলতকৈও অধিক খাৰুৱা তেল ক্ৰয় কৰিছে ভাৰতে ৷ বাণিজ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২১ চনত ৰাছিয়াৰ পৰা ভাৰতলৈ আমদানি কৰা তেলৰ পৰিমাণতকৈ এয়া ২০ % অধিক ৷
ভাৰতলৈ ৰাছিয়াৰ তেল আমদানিৰ ক্ষেত্ৰত কোনো নিষেধাজ্ঞা আৰোপ কৰা নাই যদিও সামুদ্ৰিক বীমা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা নতুন দিল্লীৰ ওপৰত চাপ আদিয়ে এইক্ষেত্ৰত প্ৰভাৱ পেলাইছে ৷