ভাৰতে এদিন নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ লাভ কৰিব বুলি এশ শতাংশ আত্মবিশ্বাসী বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ। কিন্তু তেওঁ ভাবে যে এই কৃতিত্ব অর্জন সহজ নহ’ব। কাৰণ বহু দেশে ভাৰতক এইক্ষেত্ৰত প্ৰতিৰোধ কৰিব বিচাৰে। শেহতীয়াকৈ অষ্ট্ৰেলিয়া ভ্ৰমণৰ শেষত এই কথা প্ৰকাশ কৰিছে বৈদেশিক মন্ত্ৰীগৰাকীয়ে।
ভাৰত মহাসাগৰ সন্মিলনত অংশগ্ৰহণৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে অষ্ট্ৰেলিয়ালৈ গৈছিল জয়শংকৰ। তাত থকা ভাৰতীয় সমাজৰ সৈতে কথা পাতি তেওঁ কয় “আমি তাত স্থান পাম (স্থায়ী সদস্যপদ)। সেই বিষয়ে মই ১০০ শতাংশ নিশ্চিত। কিন্তু এইটোও ক’ব বিচাৰিছো যে কামটো বৰ সহজ নহ’ব। বিশ্বজুৰি প্ৰতিযোগিতা চলি আছে। বহুতে আমাক বাধা দিব বিচাৰিব। স্থায়ী আসনত উপনীত হোৱাৰ পথটো কঠিন কৰি তুলিব, বাধা দিব। ইয়াৰ ফলত বহু বিতৰ্কৰ সৃষ্টি হ’ব। কিন্তু আজি মই স্থায়ী সদস্যপদ পোৱাৰ ক্ষেত্ৰত অতি আত্মবিশ্বাসী। “
ক’ভিড ভেকচিন প্ৰস্তুত কৰাৰ পিছৰে পৰা মোডী চৰকাৰে নিজকে ‘বিশ্ব গুৰু’ৰ আসনত প্ৰক্ষেপ কৰিবলৈ চেষ্টা কৰি আহিছে। ৰাজনৈতিক শিবিৰৰ মতে জি-২০ৰ সংগঠনকো এই ‘বিশ্বগুৰু’ প্ৰকল্পৰ অধীনলৈ অনা হৈছে। ইয়াৰ ফলত আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক অনুকূল অৱস্থাত ৰাখিব বুলি দলীয় নেতৃত্বৰ বিশ্বাস। মোদীৰ ৰাষ্ট্ৰদূত হিচাপে অষ্ট্ৰেলিয়াত প্ৰবাসী ভাৰতীয়ৰ সন্মুখত জয়শংকৰে কয় কয় ‘মই যেতিয়া বিশ্ব ভ্ৰমণ কৰো তেতিয়া মানুহে মোক প্ৰায়ে কয় যে আপুনি বহু কথা ক’ব পাৰে যিবোৰ আমি ক’ব নোৱাৰো। আমাৰ বহু বাধ্যবাধকতা আছে।”
বৈদেশিক মন্ত্ৰীগৰাকীয়ে ব্যাখ্যা কৰে যে, ভাৰতে শক্তি সংকট, সংস্কৃতি বা ঐতিহ্য সংৰক্ষণ আদি সকলো ক্ষেত্ৰতে বিশ্বৰ আস্থা অৰ্জন কৰিছে। বহু দেশে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে চাব বিচাৰে ভাৰতক ।