আফগানিস্তানৰ খাদ্য সংকটৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতে সহায় আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মঙলবাৰে দিল্লীত মধ্য এছিয়াৰ পাঁচখন দেশৰ সৈতে হোৱা বৈঠকত নৰেন্দ্ৰ মোদী চৰকাৰে কয় যে ইৰাণৰ চাবাহাৰ বন্দৰৰ জৰিয়তে ২০ হাজাৰ মেট্ৰিক টন ঘেঁহু আফগানিস্তানলৈ প্ৰেৰণ কৰা হ’ব।
কূটনৈতিক মহলৰ এটা অংশৰ মতে, মোদী চৰকাৰে পাকিস্তানক পৰিহাৰ কৰাৰ বাবে পৰিকল্পিতভাৱে ইৰাণৰ চাবাহাৰ সাগৰীয় বন্দৰ ব্যৱহাৰ কৰি এই খাদ্যসামগ্ৰী প্ৰেৰণ কৰা হ’ব । পূর্বে পাকিস্তানৰ পথেৰে আফগানিস্তানলৈ মানৱীয় সাহায্য প্ৰেৰণৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। চৰকাৰী বিবৃতি অনুসৰি আফগান জনসাধাৰণক সহায় কৰাৰ এই পদক্ষেপ ৰাষ্ট্ৰসংঘৰ খাদ্য সাহায্য কাৰ্যসূচীৰ ভিত্তিত গ্ৰহণ কৰা হৈছে ৷
নতুন দিল্লীত অনুষ্ঠিত হোৱা বৈঠকত আফগানিস্তানৰ চুবুৰীয়া দেশ উজবেকিস্তান, কাজাখস্তান, কিৰ্গিস্তান, তাজিকিস্তান আৰু তুৰ্কমেনিস্তানৰ প্ৰতিনিধি উপস্থিত থাকে। লগতে ৰাষ্ট্ৰসংঘৰ ড্ৰাগছ আৰু অপৰাধৰ কাৰ্যালয়ৰ (UNODC) প্ৰতিনিধিও উপস্থিত থাকে। বৈঠকত আফগানিস্তানৰ মাটি সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ব্যৱহাৰৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
২০২১ চনৰ আগষ্ট মাহত তালিবানে ক্ষমতা দখল কৰাৰ পিছত নতুন দিল্লীয়ে কাবুলৰ সৈতে কূটনৈতিক সম্পৰ্ক কাৰ্যকৰীভাৱে বিচ্ছিন্ন কৰি পেলায়। কিন্তু আফগান জনসাধাৰণক ধাৰাবাহিকভাৱে মানৱীয় সাহায্য দিয়া হৈছিল। পৰৱৰ্তী পৰ্যায়ত দ্বিপাক্ষিক সম্পৰ্কতো কিছু উন্নতি ঘটিছিল।তালিবানে আফগানিস্তান দখল কৰাৰ পিছত ভাৰতৰ আৰ্থিক সাহায্যৰে আৰম্ভ হোৱা প্ৰায়বোৰ প্ৰকল্প বন্ধ হৈ পৰে। অৱশ্যে চৰকাৰী সূত্ৰৰ মতে, ভাৰতে কমেও ২০টা প্ৰকল্পৰ কাম আৰম্ভ কৰিব পাৰে বুলি তালিবানে যোগাযোগ কৰিছে।
যোৱা মাহৰ বাজেট ভাষণত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, এইবাৰ আফগানিস্তানক ৫০ কোটি ডলাৰ (প্ৰায় ২১ কোটি টকা) সাহায্য হিচাপে নিৰ্ধাৰণ কৰা হৈছে। নতুন দিল্লীৰ সাহায্যৰ সিদ্ধান্তক আদৰণি জনাই তালিবান চৰকাৰৰ মুখপাত্ৰ চোহেইল চাহিনে কয়, ‘আফগানিস্তানৰ বাবে ভাৰতৰ উন্নয়ন পেকেজত আমি সুখী। সেই সহায়ৰ বাবে ভাৰতক ধন্যবাদ। ইয়াৰ ফলত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক উন্নত হ’ব।’