ক’ভিডৰ অত্যন্ত সংক্ৰামক ভেৰিয়েন্ট অমিক্ৰনৰ দ্ৰুত সংক্ৰমনে দেশজুৰি সৃষ্টি কৰিছে আতংকময় পৰিৱেশৰ ৷ দেশত সাপ্তাহিক হিচাপত সংক্ৰমনৰ হাৰ ছয়গুনৰো অধিক হৈছে ৷ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২৭ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ দেশত আক্ৰান্ত লোকৰ সংখ্যা আছিল ১,০২,৩৩০ জন ৷ কিন্তু শেহতীয়া সপ্তাহত অর্থাৎ ২ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ দেশত আক্ৰান্ত হৈছে ৬,৩৮,৮৭২ জন ৷ সেয়েহে এয়া স্পষ্ট হৈ পৰিছে যে এসপ্তাহতে দেশত সংক্ৰমনৰ হাৰ ছয়গুণলৈ বৃদ্ধি পাইছে ৷
ইপিনে, দৈনিক আক্ৰান্তৰ হাৰো দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ হাৰ ৷ সোমবাৰে দেশত আক্ৰান্ত হৈছে ১,৭৯,৭২৩ জন ৷ আজিৰ দিনটোত মৃত্যু হৈছে ১৪৬ জন লোকৰ ৷ দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ৭,২৩,৬১৯ জন ৷ দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সর্বাধিক লোক আক্ৰান্ত হৈছে ৷
ৰাজ্যতো সমানে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ হাৰ ৷ দেওবাৰৰ দিনটোত ৬.৪৮ শতাংশলৈ বৃদ্ধি পাইছে ৷ কালি মুঠ ৯৮৮ জন লোক আক্ৰান্ত হৈছে ক’ভিডত ৷ ইয়াৰে ভিতৰত সর্বাধিক সংখ্যক লোক গুৱাহাটী মহানগৰীৰ ৷ গুৱাহাটীত ৪৯০ জন লোক আক্ৰান্ত হৈছে ৷ অসমত দেওবাৰৰ দিনটোত মৃত্যু হৈছে এজন লোকৰ ৷
ইপিনে, আজিৰ পৰা সমগ্ৰ দেশৰ লগতে ৰাজ্যতো প্ৰদান কৰা হৈছে বুষ্টাৰ অথবা সাৱধানতামূলক ক’ভিডৰ তৃতীয় পালি ভেকচিন ৷ ৬০ ৰ উর্ধৰ ব্যক্তি আৰু ফ্ৰন্টলাইন ৱর্কাৰ সকলক প্ৰদান কৰা হ‘ব এই তৃতীয় পালি ভেকচিন ৷ দ্বিতীয় পালি ভেকচিন গ্ৰহণৰ ৩৯ সপ্তাহ অতিক্ৰম কৰা লোকসকলে এই সাৱধনতামূলক পালি গ্ৰহণ কৰিব পাৰিব ৷