অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক বিষয়া তথা বিশিষ্ট সমাজকর্মী ললিত গগৈৰ আজি দেহৱসান ঘটে । গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে বিষয়াগৰাকীয়ে৷ মৃত্যুৰ সময়ত বিষয়াগৰাকীৰ বয়স আছিল ৬৩ বছৰ৷
প্ৰয়াত গগৈৰ ঘৰ যোৰহাটৰ তিতাবৰত। তেওঁ ভাৰতীয় অসামৰিক সেৱাৰ ২০০৫ চনৰ অসম আৰু মেঘালয়ৰ কেডেট আছিল। ললিত গগৈয়ে শোণিতপুৰ আৰু নলবাৰী উপায়ুক্তৰূপে কাৰ্যনিবাহ কৰা লগতে পৰিবহণ আৰু ৰাজহ বিভাগৰ আয়ুক্ত পদত অধিস্থিত হৈছিল।
অসম চৰকাৰৰ আয়ুক্ত সচিবৰূপে অৱসৰগ্ৰহণ কৰা গগৈৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৩বছৰ। অৱসৰৰ পাছত কৰ্ম সংস্কৃতিৰ যোগেদি নিবনুৱাসকলৰ বাবে নিৰ্দশন দাঙি ধৰিছিল ললিত গগৈয়ে। এজন আদর্শ কৃষক হিচাপেও তেওঁ পৰিচিত আছিল ৷