কাশ্মীৰৰ সোণমাৰ্গ অঞ্চলৰ থাজিৱাছ হিমবাহত আৰোহণ কৰি থকা অৱস্থাত বিপদত পৰে দুজন পৰ্বতাৰোহী। দুয়োজনেই বৰফৰ মাজত আবদ্ধ হৈ পৰে ৷ দেওবাৰে সন্ধিয়া ভাৰতীয় বায়ুসেনাই তেওঁলোকক উদ্ধাৰ কৰি শ্ৰীনগৰলৈ লৈ আহে ৷ আহত অৱস্থাত তেওঁলোকক শ্ৰীনগৰ বায়ুসেনাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পৰ্বতাৰোহী দুগৰাকীৰ নাম ক্ৰমে জিছান মুস্তাক আৰু ফৈজল ৱানী।
এই প্ৰসংগত শ্ৰীনগৰ প্ৰতিৰক্ষা বাহিনীৰ এগৰাকী মুখপাত্ৰই কয় যে, প্ৰথমে হেলিকপ্টাৰখনৰ পৰা দেখা পোৱা বৰফত ফৈজল আৰু জীশান আবদ্ধ হৈ আছিল। উদ্ধাৰৰ বাবে তাত হেলিকপ্টাৰ অৱতৰণ কৰাৰ চেষ্টা কৰা হৈছিল যদিও সকলো প্ৰচেষ্টা বিফল হৈছিল। মুখপাত্ৰগৰাকীয়ে কয় যে হেলিকপ্টাৰখন অৱতৰণ কৰিবলৈ কোনো স্থান নাই। ইয়াৰ পিছতে শ্ৰীনগৰ বায়ুসেনাক খবৰ দিয়াত তেওঁলোকে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ তেওঁলোকক দুয়োজনকে উদ্ধাৰ কৰে। ঘটনাস্থলীত উপস্থিত হৈ ভাৰতীয় বায়ুসেনাৰ এএলএইছ এম ৩ হেলিকপ্টাৰেৰে লোক দুজনক উদ্ধাৰ কৰে।
দেওবাৰে প্ৰতিৰক্ষা মুখপাত্ৰই জনোৱা মতে, দুজন পৰ্বতাৰোহীৰ এজনৰ হাড় ভঙা, দীৰ্ঘদিন ধৰি ঠাণ্ডা বতৰৰ সংস্পৰ্শলৈ অহাৰ বাবে হাইপোথাৰ্মিয়া আৰু অন্যান্য অসুস্থ হৈছে । দেওবাৰে সন্ধিয়া দুয়োগৰাকী পৰ্বতাৰোহীক শ্ৰীনগৰ বায়ুসেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি তাত চিকিৎসাধীন হৈ আছে।