ম্যানমাৰত থকা আলফা স্বাধীনৰ শিবিৰত ভাৰতীয় সেনাই আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি আলফা স্বাধীনৰ শিৱিৰত বোমাৰে আক্ৰমণ কৰা হৈছে ৷ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই জনাইছে এই খবৰ। ভাৰতীয় সেনাই আক্ৰমণ কৰাৰো অভিযোগ।
অভিযোগ অনুসৰি ম্যানমাৰৰ কেম্পত ড্ৰোণেৰে আক্ৰমণ কৰা হৈছে । আজি পুৱা তিনিখন ড্ৰোণেৰে আক্ৰমণ কৰা হৈছিল । পুৱা ৪:১০ত প্ৰথমটো , ৪:১২ মিনিটত দ্বিতীয়টো আৰু ৪:২০ মিনিটত তৃতীয়টো আক্ৰমণৰ ঘটনা সংঘটিত হয়।
প্ৰথম দুটা আক্ৰমণত আলফা স্বাধীনৰ দুজন কেডাৰ সামান্য পৰিমাণে আহত হয়। তৃতীয়টো বোমা বিস্ফোৰণ নহ’ল ৷ । আলফা স্বাধীনৰ কেম্পত ভাৰতৰ দিশৰ পৰা আক্ৰমণ চলোৱা হৈছে ।