বিশ্বৰ সৰ্ববৃহৎ আৰু জনপ্ৰিয় ভিডিঅ’ ষ্ট্ৰীমিং কোম্পানী ইউটিউবৰ মুখ্য কাৰ্যবাহী বিষয়া পদৰ পৰা পদত্যাগ কৰিলে চুজেন ৱ’জচিকিয়ে। ভাৰতীয় মূলৰ নীল মোহন তেওঁৰ ঠাইত নতুন চিইঅ’ হিচাপে দায়িত্ব ল’ব ইউটিউবৰ ৷ বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি এই কথা কয় চুজেনে। টিকটক আৰু নেটফ্লিক্সৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়তে নতুন চিইঅ’ নিযুক্তি দিয়া হৈছে ৷
জন্মৰ পৰাই ইউটিউবৰ সৈতে আছে চুজান। ২৫ বছৰ আগতে তেওঁৰ গেৰেজৰ পৰা ইউটিউব আৰম্ভ কৰিছিল। ২০১৪ চনৰ পৰা তেওঁ কোম্পানীটোৰ চিইঅ’ হিচাপে কাম কৰি আহিছে। ইয়াৰ পূৰ্বে তেওঁ গুগলৰ বিজ্ঞাপনৰ জ্যেষ্ঠ উপ-অধ্যক্ষ আছিল। গুগলৰ প্ৰথম কৰ্মচাৰীৰ ভিতৰত এগৰাকী আছিল চুজান। গুগলৰ আগতে তেওঁ চিপ নিৰ্মাতা ইণ্টেলত কাম কৰিছিল।
নতুন চিইঅ’ নীল মোহন ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ। ২০০৮ চনত তেওঁ গুগলত যোগদান কৰে। ২০১৫ চনত মুখ্য প্ৰডাক্ট অফিচাৰ হিচাপে দায়িত্ব লাভ কৰে । গুগলৰ আগতে নীলে মাইক্ৰ’ছফ্টত কাম কৰিছিল। ইয়াৰ উপৰিও তেওঁ বহু বিখ্যাত সংগঠনৰ ব’ৰ্ডৰ সদস্যও আছিল। ইউটিউব মিউজিক, ইউটিউব শ্বৰ্ট, ইউটিউব টিভি আৰু ইউটিউব প্ৰিমিয়াম আদিৰ আঁৰত আছে তেওঁৰ হাত ৷