৯৪ সংখ্যক একাডেমী বটাঁৰ বাবে তথ্যচিত্ৰ শাখাত শীর্ষ ১৫ খন তথ্যচিত্ৰৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ ৰাইটিং উইথ ফায়াৰ নামৰ তথ্যচিত্ৰখনে ৷ দিল্লীৰ নিবাসী ৰিণ্টু থমাছ আৰু সুশ্মিৰ ঘোষে নির্মাণ কৰা ৰাইটিং উইথ ফায়াৰে তথ্যচিত্ৰ শাখাত অস্কাৰৰ বাবে প্ৰতিযোগিতা কৰিব ৷ মুঠ ১৩৮ খন তথ্যচিত্ৰৰ ভিতৰত নিৰ্বাচিত ১৫ খনৰ ভিতৰত ৰাইটিং উইথ ফায়াৰ তালিকাভুক্ত হৈছে। । মনোনয়নৰ বাবে ভোটগ্ৰহণ অহা ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব আৰু ফলাফল ৮ ফেব্ৰুৱাৰীত ঘোষণা কৰা হ’ব। ৯৪ তম অস্কাৰ বটাঁ প্ৰদান অনুষ্ঠান অহা ২৭ মাৰ্চত লছ এঞ্জেলছত অনুষ্ঠিত হ’ব। তথ্যচিত্ৰ শাখাত বাচনি লাভ কৰিবলৈ সক্ষম হোৱা আন তথ্যচিত্ৰসমূহ হৈছে এচেনছন, প্ৰচেছন, ছামাৰ অৱ ছ’ল আদি ৷
লক্ষণীয় যে এগৰাকী দলিত মহিলাই ২০০২ চনৰ পৰা প্ৰকাশ কৰি অহা এখন গ্ৰাম্য সংবাদপত্ৰৰ ওপৰত ভিত্তি কৰি এই তথ্যচিত্ৰ নির্মাণ কৰা হৈছে ৷ এটা বেচৰকাৰী সংস্থাৰ অধীনত প্ৰকাশ কৰা এই ‘খবৰ লহৰিয়া’ সংবাদপত্ৰখন উত্তৰপ্ৰদেশৰ লগতে বিহাৰৰ বিভিন্ন অঞ্চল সামৰি লৈছে ৷ হিন্দীৰ উপৰি আৱাধি আৰু বুন্দেলী ভাষাতো এই সংবাদপত্ৰখন প্ৰকাশ পাই আহিছে ৷ এই তথ্যচিত্ৰখনে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পর্যায়ত ২৮ টাকৈ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷