আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে চলিত বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ পূৰ্বাভাস ২০ ভিত্তি পইণ্ট বৃদ্ধি কৰিছে। মঙলবাৰে সংস্থাটোৱে প্ৰকাশ কৰা ‘ৱৰ্ল্ড ইকনমিক আউটলুক’ শীৰ্ষক প্ৰতিবেদনত কোৱা হৈছে যে ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি বৃদ্ধি ৭ শতাংশ হ’ব পাৰে।
যোৱা এপ্ৰিল মাহত আই এম এফে চলিত বিত্তীয় বৰ্ষত ভাৰতৰ বৃদ্ধিৰ হাৰ ৬.৮ শতাংশ হ’ব বুলি পূৰ্বানুমান কৰিছিল। আই এম এফৰ ‘ৱৰ্ল্ড ইকনমিক আউটলুক’ প্ৰতিবেদনত কোৱা হৈছে যে মহামাৰীৰ পিছৰ পৰ্যায়ত বিশেষকৈ ভাৰতৰ গ্ৰাম্য অঞ্চলত ক্ৰয় ক্ষমতা বৃদ্ধি পোৱাৰ বাবে জিডিপিৰ সম্ভাৱ্য বৃদ্ধিৰ হাৰ অনুমান কৰা হৈছে ৷
প্ৰসংগক্ৰমে যোৱা বছৰৰ জানুৱাৰী মাহত আই এম এফে মধ্যকালীনভাৱে ভাৰতৰ বিত্তীয় বৃদ্ধি ৬.৫ শতাংশ হ’ব বুলি পূৰ্বানুমান কৰিছিল। ইয়াৰ পিছত নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰাক্তন মুখ্য বিত্তীয় উপদেষ্টা তথা আই এম এফৰ কাৰ্যবাহী সঞ্চালক কৃষ্ণমূৰ্তি সুব্ৰহ্মণ্যনে কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ ৮ শতাংশ হ’ব পাৰে। কিন্তু আই এম এফে কয় যে বিশ্ব অৰ্থনীতিৰ কোনো বিশেষ অগ্ৰগতি নহ’ব। যোৱাবাৰৰ দৰেই প্ৰায় ৩.২ শতাংশ হ’ব বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।