আজি ভাৰতীয় নৌ সেনা দিৱস ৷ ভাৰতীৰ সাগৰীয় দুঃসাহসী যুদ্ধাসকলৰ বাবে আজি এদিন বিশেষ দিন ৷ নৌসেনা বাহিনীৰ যুদ্ধাসকলৰ সাহসিকতা আৰু ত্যাগৰ বাবেই আজিৰ এই বিশেষ দিনটো সমৰ্পিত তেওঁলোকৰ নামত৷ দেশখনৰ সমুদ্ৰ সীমাক প্ৰতি মূহুৰ্ততে পহৰা দি থকা,ৰক্ষা কৰি থকা সেই জলপ্ৰহৰী সকালক আজিৰ দিনটোত বিশেষ ভাৱে সন্মান জনোৱা হয়৷
১৯৭১চনৰ ৪ডিচেম্বৰত অপাৰেচন ট্ৰাইডেণ্টৰ সময়ত, ভাৰতীয় নৌসেনাই পিএনএছ খাইবাৰকে ধৰি চাৰিখন পাকিস্তানী জাহাজ ডুবাই দিছিল, যাৰ ফলত পাকিস্তানী নৌসেনাৰ শ শ জোৱান নিহত হৈছিল৷ সেই বিশেষ দিনটোক স্মৰণ কৰি তথা ভাৰতীয় নৌ সেনাৰ সাহকিতাৰ বাবে সন্মান প্ৰদৰ্শন কৰি এই বিশেষ দিনটো ভাৰতীয় নৌসেনা দিৱস হিচাপে উদযাপন কৰা হয়৷ আনহাতে ইণ্ডো-পাকিস্তান যুদ্ধত প্ৰাণ আহুতি দিয়া নৌসেনা বাহিনীৰ বীৰ শ্বহীদ সকলক শ্ৰদ্ধা জ্ঞাপন কৰিও এই দিনটো সমগ্ৰ ভাৰততে পালন কৰা হয়৷
প্ৰতিবছৰেই একো একোটা নিৰ্দিষ্ট বিষয় বস্তুৰে এই দিৱস উদযাপিত হয় ৷নৌসেনাই ১৯৭১ চনৰ যুদ্ধত বিজয়ৰ ৫০ তম বাৰ্ষিকী উদযাপন কৰি ২০২১ বৰ্ষক ‘স্বৰ্নিম বিজয় বৰ্ষ’ হিচাপে উদযাপন কৰাৰ পৰিকল্পনা কৰিছে। ভাৰতীয় নৌসেনা ১৬১২ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। পিছত ইয়াক ৰয়েল ইণ্ডিয়া নেভি বুলি নামাকৰণ কৰা হয় আৰু স্বাধীনতাৰ পিছত, ইয়াক ১৯৫০ চনত ভাৰতীয় নৌসেনা হিচাপে পুনৰ গঠন কৰা হয়।
পাকিস্তানৰ বিৰুদ্ধে হোৱা বিধ্বংসী যুদ্ধৰ পিছত, সমগ্ৰ দেশে ভাৰতীয় নৌসেনাৰ সফলতা উদযাপন কৰে। ভাৰতৰ তাৎপৰ্য আৰু বিজয়ৰ বিষয়ে শিশু আৰু ভাৰতৰ নাগৰিকসকলক শিক্ষিত কৰাটোও গুৰুত্বপূৰ্ণ। আজিৰ দিনটোত মাৰাথান, ইণ্টাৰস্কুল কুইজ প্ৰতিযোগিতা, এয়াৰ প্ৰদৰ্শন আৰু টেটু অনুষ্ঠানৰ দৰে কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হয়। নৌ সেনা দিৱসত নৌ সেনাৰ বিভিন্ন উদ্ধৃতি সমূহো সামাজিক মাধ্যমৰ যোগেদি সমাজলৈ আগবঢ়াই দিয়া হয়৷