শুকুৰবাৰে নিশা ৬.৪ প্ৰাবল্যৰ ভূমিকম্পই কঁপাই যায় নেপাল। শক্তিশালী ভূমিকম্পত দেশখনৰ ১২৮ জন লোকৰ মৃত্যু হৈছে। সমান্তৰালভাৱে আহত হৈছে ডেৰ শতাধিক লোক ৷ দেশখনত প্ৰায় ৪০ ছেকেণ্ড ধৰি অনুভুত হয় কম্পন ৷ ভূমুকম্পৰ পাছতে উদ্ধাৰ অভিযান অব্যাহত আছে ৷ দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰকে ধৰি উত্তৰ ভাৰতৰ বৃহৎ অঞ্চলত কম্পন অনুভৱ কৰা হয়। হিমালয়ৰ কাষৰীয়া অঞ্চলত সঘনাই হোৱা ভূমিকম্পৰ কাৰণ ব্যাখ্যা কৰিছে বিজ্ঞানীসকলে।
বিজ্ঞানীসকলৰ এটা অংশৰ মতে, হিমালয়ৰ তলৰ ভূমিকম্পীয় অঞ্চল সক্ৰিয় হৈ পৰিছে। যাৰ বাবে ইউৰেছিয়ান প্লেট ইণ্ডিয়ান প্লেটৰ সৈতে সংঘাত হ’ব পাৰে। ইন্দিয়ান প্লেট ক্ৰমান্বয়ে উত্তৰ দিশলৈ আগবাঢ়িছে। ইয়াৰ ফলত ইউৰেছিয়ান প্লেটৰ লগত ইয়াৰ সংঘৰ্ষ হ’ব পাৰে। গতিকে যিকোনো মুহূৰ্ততে হিমালয় অঞ্চলত বৃহৎ ভূমিকম্পৰ আশংকা।
এই পৰিপ্ৰেক্ষিতত ভূমিকম্পবিজ্ঞানী অজয় পালে ইণ্ডিয়া টুডেক জনাইছে যে নেপালৰ তলৰ এটা ভূমিকম্পৰ অঞ্চল অতি সক্ৰিয় বুলি চিনাক্ত কৰা হৈছে। গতিকে বাসিন্দাসকলে সাৱধান হ’ব লাগে। শুকুৰবাৰৰ ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল নেপালৰ ডোটি জিলাৰ সমীপত। ২০২২ চনৰ নৱেম্বৰ মাহত একেটা অঞ্চলতে ৬.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্প সংঘটিত হৈছিল। কম্পনৰ ফলত তিনিজন লোকৰ মৃত্যু হয়। ইয়াৰ উপৰিও নেপালৰ সেই অঞ্চলত ৩ অক্টোবৰত কেইবাটাও কম্পন অনুভৱ কৰা হৈছিল। কম্পনৰ মাজৰ সময়ৰ ব্যৱধান আছিল অত্যন্ত কম।
চাৰিৰ পৰা পাঁচ নিযুত বছৰ পূৰ্বে ভাৰতীয় প্লেট আৰু ইউৰেছিয়ান প্লেটৰ সংঘৰ্ষৰ ফলত হিমালয়ৰ সৃষ্টি হৈছিল। ভাৰতীয় পাতৰ উত্তৰ দিশলৈ গতি এতিয়াও বন্ধ হোৱা নাই। সেয়েহে সেই অঞ্চলত সৰু-বৰ ভূমিকম্প অব্যাহত আছে। বিজ্ঞানীসকলৰ মতে, ভাৰতীয় প্লেটৰ সক্ৰিয়তাৰ বাবে ইউৰেছিয়ান প্লেটত যি চাপৰ সৃষ্টি হৈছে, সেয়া অনাগত দিনত বৃহৎ ভূমিকম্পৰ ৰূপ ল’ব পাৰে। ৰিখটাৰ স্কেলত ইয়াৰ মাত্ৰা আঠতকৈ অধিক হ’ব পাৰে। বিশেষজ্ঞসকলে সেই বিষয়ে সাৱধান হ’বলৈ পৰামৰ্শ দিয়ে।