দিন বাগৰাৰ লগে লগে অধিক বিপদৰ সন্মুখীন হৈছে যুদ্ধভূমি ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষার্থীসকল ৷ ৰাছিয়ান বাহিনীৰ গুলীত এজন ভাৰতীয় শিক্ষার্থীৰ মৃত্যু হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ আন এজন ছাত্ৰ গুলীৱিদ্ধ হৈছে ইউক্ৰেইনৰ ৰাজধানী চহৰ কিয়েভত ৷ এই কথা সদৰী কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙে ৷ সম্প্ৰতি উদ্ধাৰ অভিযানৰ তদাৰক কৰি থকা সিঙে বৃহস্পতিবাৰে সংবাদ সংস্থা এএনআইক জনোৱা মতে ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়ত ৰাছিয়াৰ গুলীবর্ষণত ভাৰতীয় ছাত্ৰজন আহত হয় ৷ সম্প্ৰতি ছাত্ৰজন কিয়েভৰ এখন হাস্পতালত চিকিৎসাধীন হৈআছে ৷ বর্তমানেও ছাত্ৰজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই ৷ ৰাছিয়াৰ আক্ৰমন তীব্ৰতৰ হোৱাৰ পাছতে কিয়েভ এৰিবলৈ ভাৰতীয় সকলক নির্দেশ দিছিল কেন্দ্ৰীয় চৰকাৰে ৷
ইয়াৰ পূর্বে মঙলবাৰে ইউক্ৰেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভত এজন ভাৰতীয় ছাত্ৰ নিহত হৈছিল ৷ গেলামাল দোকানৰ বাহিৰত খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ থিয় হৈ থকাৰ সময়তে ৰাছিয়ান বাইনীৰ গুলীত কৰ্ণাটকৰ ২১ বছৰীয়া নবীন শেখৰাপ্পাৰ মৃত্যু হৈছিল ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে প্ৰায় ১৭,০০০ ভাৰতীয় নাগৰিকে ইতিমধ্যে ইউক্ৰেইনৰ সীমান্ত অতিক্ৰম কৰিছে ৷ ইয়াৰে ৬,০০০ জনৰো অধিক লোক ঘৰলৈ আহিবলৈ সক্ষম হৈছে ৷ যুদ্ধ আৰম্ভ হোৱাৰ আগতে প্ৰায় ২০,০০০ ভাৰতীয় শিক্ষার্থী ইুক্ৰেইনত অধ্যয়নৰত হৈ আছিল ৷