মালদ্বীপৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ পিছতে মহম্মদ মুইজুৱে ভাৰতক আক্ৰমণৰ লক্ষ্য কৰি লয়। ‘চীন সমৰ্থক’ নামেৰে পৰিচিত এইগৰাকী নেতাই কয় “আমি আমাৰ দেশৰ মাটিৰ পৰা সকলো বিদেশী সৈন্য উভতাই পঠিয়াই দিম।“এই ক্ষেত্ৰত মুইজুৱে কাৰো নাম উল্লেখ কৰা নাছিল যদিও স্পষ্টভাৱে ভাৰতক লক্ষ্য কৰি লৈছিল। কাৰণ, ভাৰত মহাসাগৰত সেই দ্বীপৰ বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰশাসনিক আৰু উদ্যোগিক অঞ্চলৰ নিৰাপত্তাৰ দায়িত্বত আছে ভাৰতীয় সেনাবাহিনী।
পাঁচ বছৰ ক্ষমতাত থকাৰ পাছত যোৱা সপ্তাহত মালদ্বীপৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হৈছিল বিদায়ী ৰাষ্ট্ৰপতি মহম্মদ ছলি। শনিবাৰে সন্ধিয়া মালদ্বীপৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি মুঠ বৈধ ভোটৰ ৫৪.০৬ শতাংশ ভোট লাভ কৰে মুইজুৱে। মালদ্বীপৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ওপৰতো ভাৰতৰ চকু আছিল। কাৰণ মুইজুৱে পূর্বৰ ৰাষ্ট্ৰপতিৰ ভাৰতৰ সহযোগিতাৰ নীতিৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰচাৰ চলাইছিল ৷
ঘোষিত ‘চীন সমৰ্থক’ নেতাগৰাকীক বিৰোধী দলসমূহে সামূহিকভাৱে সমৰ্থন কৰিছিল।প্ৰসংগক্ৰমে মালাবাৰৰ উপকূলৰ এই দ্বীপ ৰাষ্ট্ৰখন ভাৰতৰ বাবে কূটনৈতিক আৰু কৌশলগতভাৱে গুৰুত্বপূৰ্ণ। এইবাৰ এই ৰাষ্ট্ৰখনত চীনৰ প্ৰভাৱ বৃদ্ধি পাব পাৰে। যাৰ ফলত নতুন দিল্লীৰ অস্বস্তিৰ সৃষ্টি হ’ব । ২০১৮ চনলৈকে মালদ্বীপত চীন সমৰ্থক ৰাষ্ট্ৰপতি আব্দুল্লা য়ামিনে শাসন কৰিছিল। তেওঁৰ সময়ছোৱাত চীনৰ ঋণেৰে দেশত কেইবাটাও আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছিল ৷য়ামিনৰ শিষ্য হিচাপে পৰিচিত মুইজুৱে এই সকলোবোৰ কাম আগুৱাই নিব বুলি বিশ্বাস কৰা হয়।