বিশ্বৰ সবাতোকৈ ওখ শৃংগ আৰোহন কৰিলে লেহৰ বাসিন্দা ৪২ বছৰীয়া স্কালজাং ৰিগজিনে ৷ বৃহস্পতিবাৰে পুৱাই এভাৰেষ্টৰ শিখৰত (৮৮৪৮ মিটাৰ) আৰোহন কৰাৰ কৃতিত্ব অৰ্জন কৰে তেওঁ ।অক্সিজেন নোলোৱাকৈ তেওঁ এভেৰেষ্টত আৰোহন কৰে ৷
ফু দৰ্জে শ্বেৰপা (১৯৮৪ চনত) অক্সিজেন নোহোৱাকৈ সৰ্বোচ্চ শৃংগৰ শিখৰত উপনীত হোৱা প্ৰথম ভাৰতীয়। এই কৃতিত্ব অৰ্জন কৰা পৰৱৰ্তী ভাৰতীয়জন হৈছে লাডাখৰ ৰিগজিন। তেওঁ স্থানীয় সময় অনুসৰি পুৱা ৪:৩০ বজাত এভাৰেষ্টৰ শিখৰত অকলে উপস্থিত হয় । মন কৰিবলগীয়া যে ২০২২ চনত তেওঁ শ্বেৰপা আৰু অক্সিজেন চিলিণ্ডাৰ অবিহনে অন্নপূৰ্ণা (৮০৯১ মিটাৰ, দশম সৰ্বোচ্চ) আৰু লটছে (৮৫১৬ মিটাৰ, চতুৰ্থ সৰ্বোচ্চ) শিখৰত উপনীত হয়, যিটো এজন ভাৰতীয়ৰ বাবে প্ৰথম।
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে যোৱা বছৰ এভাৰেষ্টত হাংগেৰীৰ জিলাৰ্ড ছুহাজদা নামৰ পর্বতাৰোহী নিৰুদ্দেশ হৈছিল। এইবাৰো একেদৰেই এভাৰেষ্টৰ শিখৰত উপনীত হোৱাৰ পথত দুজন মংগোলীয় পৰ্বতাৰোহীৰ মৃত্যু হয়।