ভাৰতীয় নাগৰিকৰ মাজত বিদেশ ভ্ৰমণৰ প্ৰৱণতা বৃদ্ধি পাইছে। ২০২২-২৩ বিত্তীয় বৰ্ষৰ প্ৰথম ৯ মাহত ভাৰতীয়সকলে বিদেশ ভ্ৰমণৰ বাবে প্ৰায় ১০ বিলিয়ন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৮২৭৫ হাজাৰ কোটি) ব্যয় কৰিছিল। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি ২০২২ চনৰ এপ্ৰিলৰ পৰা ডিচেম্বৰৰ ভিতৰত ভাৰতীয়সকলে বিদেশত বন্ধৰ দিনত মুঠ ৯.৯৪৭ বিলিয়ন ডলাৰ ব্যয় কৰিছিল। ক’ভিড মহামাৰীৰ পূৰ্বে এই ধনৰাশি আছিল প্ৰায় ৭ বিলিয়ন ডলাৰ ৷ ভাৰতীয় মুদ্ৰাত প্ৰায় ৫,৮০০ কোটি টকা। আৰ বি আইৰ প্ৰতিবেদন অনুসৰি কেৱল ২০২২ চনৰ ডিচেম্বৰ মাহত ভাৰতীয়ই মুঠ ১ . ১৩৭ বিলিয়ন ডলাৰ ব্যয় কৰিছে ।
ভাৰতীয় সকলে বহিঃৰাষ্ট্ৰত ছুটী কটোৱাৰ প্ৰৱণতা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। ভাৰতৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ এক প্ৰতিবেদন অনুসৰি ২০২২ চনৰ জানুৱাৰীৰ পৰা নৱেম্বৰৰ ভিতৰত এক কোটি ৮০ লাখ ভাৰতীয়ই বিদেশ ভ্ৰমণ কৰিছিল। ২০২১ চনত সেই সংখ্যা আছিল প্ৰায় ৭৭ লাখ। বিদেশ ভ্ৰমণ কৰা ভাৰতীয়ৰ সংখ্যা প্ৰায় ১৩৭ শতাংশ বৃদ্ধি পাইছে। ক’ভিডৰ পিছত ভাৰতৰ অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ত এই সংখ্যাক লৈ চর্চা লাভ কৰিছে ৷