ক’ভিডৰ অমিক্ৰন ভেৰিয়েন্টৰ সংক্ৰমনৰ মাজতে দেশত দ্ৰতগতিত অব্যাহত আছে ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া ৷ দেশত ক’ভিড টীকাকৰনৰ সংখ্যাই অতিক্ৰম কৰিছে ১৪৫ কোটিৰ ঘৰ ৷ বিগত ২৪ ঘন্টাত ৫৮,১১,৪৮৭ জন লোকক ক’ভিড ভেকচিন প্ৰদান কৰাৰ লগে লগে দেশত প্ৰদান কৰা ক’ভিড টীকাকৰনৰ পালিৰ সংখ্যা ১৪৫.১৬ কোটিলৈ বৃদ্ধি পালে ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সদৰী কৰা অনুসৰি ১,৫৫,০২,৪০৭ টা ছেছনৰ জৰিয়তে এই টীকাকৰণ কৰা হৈছে ৷ আনহাতে, বিগত ২৪ ঘন্টাত ৮৯,৭৪৯ জন লোক ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে ৷ ইয়াৰ লগে লগে দেশত ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা ৩,৩৯,৮৮,৭৯৭ জন ৷ ইয়াৰ লগে লগে দেশৰ সুস্থতাৰ হাৰ ৯৮.৩২ শতাংশলৈ বৃদ্ধি পাইছে ৷
আনহাতে বিগত ২৪ ঘণ্টাত ২২,৭৭৫ জন লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ বর্তমান চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ১,০৪,৭৮১ জন ৷ লগে লগে দেশত বৃদ্ধি কৰা হৈছে ক’ভিড পৰীক্ষাৰ সা-সুবিধা ৷ যোৱা ২৪ ঘণ্টাত মুঠ ১১,১০, ৮৫৫ টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ বর্তমানলৈ দেশত সম্পন্ন কৰা হৈছে ৬৭.৮৯ কোটি নমুনাৰ পৰীক্ষা ৷