অৱশেষত অন্ত পৰিল উৎকন্ঠাৰ ! বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হ’ল ঐতিহাসিক চৰাইদেউ মৈদামক ৷ ইয়াৰ লগে লগে অসম তথা ৰাজ্যবাসীৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখা ৰ’ব ।
শুকুৰবাৰে দিনৰ ১১ বজাৰ লগে লগে দিল্লীত অনুষ্ঠিত ইউনেস্কৰ বৈঠকত আনুষ্ঠানিকভাৱে চৰাইদেউক ঘোষণা কৰা হ’ল বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে । প্ৰত্যাশিত ভাৱেই বিশ্ব ঐহিত্যক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামত পৰিল ছীল-মোহৰ। স্বীকৃতি পালে ৬০০ বছৰীয়া আহোম স্বৰ্গদেউসকলৰ চৰাইদেউত থকা মৈদামে ৷ দেশৰ ৪৩ সংখ্যক ঐতিহ্যক্ষেত্ৰ হিচাপে পৰিগণিত হ’ল চৰাইদেউ মৈদাম। এই খবৰ ৰাজহুৱা হোৱাৰ পাছতে এতিয়া অসম তথা চৰাইদেউত উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷
উল্লেখযোগ্য যে বিশ্ব ঐতিহ্যৰ তালিকাত বৰ্তমান ১,১৯৯টা অঞ্চল আছে ৷ইয়াৰে ৯৩৩ টা সাংস্কৃতিক, ২২৭টা প্ৰাকৃতিক আৰু ৩৯টা মিশ্ৰিত হিচাপে অন্তৰ্ভুক্ত আছে। ইউনেস্কোৰ সংজ্ঞা অনুসৰি বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে গণ্য কৰিবলৈ হ’লে সেই স্থানটো নিৰ্ধাৰিত কৰি দিয়া ১০ টা বৈশিষ্ট্যৰ যিকোনো এটাত হ’লেও অন্তৰ্ভুক্ত হ’ব লাগিব।
সেই অনুসৰিয়েই বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে আহোম ৰাজত্বৰ ঐতিহাসিক চৰাইদেউ মৈদাম। সমগ্ৰ দেশৰ ৫২ টা সাম্ভাব্য স্থানৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ চৰাইদেউ মৈদাম বাছনি কৰিছিল। সম্প্ৰতি প্ৰায় ৯০টা মৈদাম আছে চৰাইদেউ মৈদামত। ইয়াৰ পূর্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল