অলপতে গুজৰাটৰ সোমনাথত আই ভি এফ পদ্ধতিৰে ভাৰতৰ প্ৰথমটো বেন্নি ম’হৰ পোৱালিৰ জন্ম হয়। অধিক দুগ্ধ উৎপাদনৰ বাবে উন্নত জাতৰ ম’হৰ প্ৰজন্ম গঢ়ি তুলিবলৈ আই ভি এফ পদ্ধতি ব্যৱহাৰ কৰা হৈছে।
এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰালয়ে ভাৰতৰ দুগ্ধপাম উদ্যোগৰ বৃহৎ সাফল্য বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বেন্নি ম’হে এবাৰত ৯ ৰ পৰা ১২ লিটাৰলৈকে গাখীৰ দিয়ে। আনহাতে পৃথিৱীৰ ৫৬% ম’হ ভাৰতত পোৱা যায়।