তিৰুৱনন্তপুৰমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ভাৰতৰ প্ৰথমজন মাংকীপক্স ৰোগী সুস্থ হৈ উঠিছে ৷ কেৰেলাৰ আক্ৰান্ত ব্যক্তিজন সম্পূর্ণ সুস্থ হৈ উঠিছে বুলি আজি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে প্ৰকাশ কৰিছে। কেৰেলাৰ কোলামৰ ৩৫ বছৰীয়া যুৱতীগৰাকীক আজিয়েই ঘৰলৈ ওভতি যাবলৈ অনুমতি প্ৰদান কৰা হ’ব ৷
যিহেতু তেওঁ দেশত মাংকীপক্সৰ প্ৰথমজন ৰোগী আছিল, সেয়েহে নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজী (এন আই ভি)ৰ নিৰ্দেশ অনুসৰি ৭২ ঘণ্টাৰ ব্যৱধানত দুবাৰকৈ নমুনা পৰীক্ষা কৰা হৈছিল ৷ জৰ্জে কয়, ” তেওঁৰ সকলো নমুনা দুয়োবাৰে নিগেটিভ আছিল। ৰোগীজন শাৰীৰিক আৰু মানসিকভাৱে সুস্থ। “মন্ত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁৰ সংস্পর্শলৈ অহা তেওঁৰ পৰিয়ালৰ লোকসকলৰ নমুনাৰ পৰীক্ষাৰ ফলাফলো নিগেটিভ আহিছে ৷ বৰ্তমান আক্ৰান্ত আন দুজন ব্যক্তিৰ স্বাস্থ্যৰ অৱস্থাও সন্তোষজনক বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে ৷
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, মাংকীপক্স হৈছে ভাইৰাছজনিত জুন’ছিছ (জীৱ-জন্তুৰ পৰা মানুহলৈ সংক্ৰমিত হোৱা ভাইৰাছ ৰোগ ৷ যাৰ লক্ষণসমূহ পূৰ্বতে স্মলপক্স ৰোগীৰ শৰীৰত দেখা পোৱা লক্ষণৰ সৈতে একে ৷