স্বতন্ত্ৰ ভাৰতৰ প্ৰথম গৰাকী ভোটাৰ আছিল তেওঁ ৷ নাম শ্যাম চৰণ নেগী । যি গৰাকী ব্যক্তিয়ে আজি পুৱা ১০৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷ আগন্তুক হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ বাবে ২ নৱেম্বৰত ডাক ভোটদান কৰিছিল হিমাচল প্ৰদেশৰ কিন্নাউৰৰ বাসিন্দা নেগীয়ে।অৱশ্যে সেই সময়তেই ১০৬ বছৰীয়া ব্যক্তিজন অসুস্থ আছিল। কিন্নাউৰৰ জিলা উপায়ুক্ত আবিদ হুছেইনে কয় যে জিলা প্ৰশাসনে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱস্থা কৰি আছে ৷ লগতে তেওঁক সন্মানজনকভাৱে বিদায় দিবলৈ এটা বেণ্ডৰ ব্যৱস্থা কৰা হৈছে।
১৯১৭ চনৰ ১ জুলাইত জন্মগ্ৰহণ কৰা নেগীয়ে এগৰাকী শিক্ষক হিচাপে কাম কৰিছিল। ১৯৪৭ চনত ব্ৰিটিছ শাসনৰ অন্ত পৰাৰ পিছত ১৯৫১ চনত যেতিয়া ভাৰতে প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিছিল, তেতিয়া নেগীয়ে ২৫ অক্টোবৰত প্ৰথমবাৰৰ বাবে ভোটদান কৰিছিল।যদিও সেই প্ৰথম নিৰ্বাচনৰ বেছিভাগ ভোটগ্ৰহণ হৈছিল ১৯৫২ চনৰ ফেব্ৰুৱাৰী মাহত ৷ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত বতৰ বেয়া হোৱাৰ প্ৰৱণতা থাকে বাবেই হিমাচল প্ৰদেশত পাঁচ মাহৰ আগতেই ভোটগ্ৰহণ কৰা হয় কাৰণ সেই সময়ছোৱাত প্ৰচণ্ড বৰফ পৰিলে ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ সকল উপনীত হোৱাটো অসম্ভৱ হৈ পৰিলহেঁতেন।
উল্লেখযোগ্য যে শ্যাম চৰণ নেগীয়ে হিন্দী ছবি ‘চনম ৰে’ত বিশেষ অভিনয় কৰিছিল।