বীৰত্ব, বিজয় আৰু ত্যাগেৰে ভাৰতৰ চহকী ইতিহাস থকা সত্ত্বেও ঔপনিৱেশিক যুগত ষড়যন্ত্ৰমূলকভাৱে লিখা ইতিহাস স্বাধীনতাৰ পাছতো শিকোৱা হয় ৷এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ নতুন দিল্লীৰ বিজ্ঞানভৱনত শুকুৰবাৰে লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উদযাপনত ভাষণ দি তেওঁ এইদৰে কয় ৷
প্ৰধানমন্ত্ৰীয়ে মোদীয়ে কয় -‘দেশৰ প্ৰতিটো কোণত সাহসী নাগৰিকে অত্যাচাৰীৰ সৈতে যুঁজিছিল। কিন্তু ইতিহাসৰ এই অংশটো ইচ্ছাকৃতভাৱে দমন কৰা হৈছিল। লাচিত বৰফুকনৰ বীৰত্ব গুৰুত্বপূৰ্ণ নহয়নে? মোগলৰ বিৰুদ্ধে অসমৰ হাজাৰ হাজাৰ লোকৰ বলিদান গুৰুত্বপূৰ্ণ নহয়নে?”তেওঁ লগতে কয় ‘আজি ভাৰতে কেৱল ঔপনিৱেশিকতাৰ শিকলিৰ পৰা বিচ্ছিন্ন হোৱাই নহয়, ইয়াৰ সাংস্কৃতিক বৈচিত্ৰ্যকো উদযাপন কৰিছে। যি সময়ত দেশত আজাদী কা মহোৎসৱ উদযাপন কৰা হৈছে, সেই সময়ত আমি এই ঐতিহাসিক সুযোগ পাইছো।’
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ ইতিহাস কেৱল দাসত্বৰ ইতিহাস নহয় , বৰঞ্চ ইয়াৰ বীৰ যোদ্ধাসকলৰ ইতিহাস ৷ মোদীয়ে কয় -‘ভাৰতৰ ইতিহাস যোদ্ধাৰ ইতিহাস, বিজয়ৰ ইতিহাস, ত্যাগ, নিস্বাৰ্থতা আৰু বীৰত্বৰ ইতিহাস।’
একেখন অধিৱেশনত ভাষণ দি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিহাসবিদসকলক লাচিত বৰফুকন, ছাত্ৰপতি শিৱাজী, গুৰু গোবিন্দ সিং আৰু দুৰ্গাদাস ৰাথোড় আদি নেতাসকলৰ সাফল্যৰ ওপৰত আলোকপাত কৰিবলৈ আহ্বান জনাইছে ৷ তেওঁ কয় -“আমাৰ ইতিহাসবিদসকললৈ বিনম্ৰ অনুৰোধ যে ভাৰত কেৱল ঔৰংজেব, বাবৰ, জাহাংগীৰ বা হুমায়ুনৰ কাহিনী নহয়। ভাৰত লাচিত বৰফুকন, ছাত্ৰপতি শিৱাজী, গুৰু গোবিন্দ সিং, দুৰ্গাদাস ৰাথোড়ৰ। আমি ইয়াক নতুনকৈ চাবলৈ চেষ্টা কৰা উচিত। ই আমাৰ বিশ্ব গুৰু হোৱাৰ সপোন পূৰণ কৰিব।’
’