ভাৰতীয় চিকিৎসকসকলৰ বাবে ভাল খবৰ! এতিয়াৰ পৰা তেওঁলোকে দেশৰ লগতে বিদেশতো ৰোগীক চিকিৎসা কৰিব পাৰিব। ভাৰতৰ এমবিবিএছ ডিগ্ৰী এইবাৰ আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত প্ৰযোজ্য হ’ব। ভাৰতৰ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (NMC)ক ১০ বছৰৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে ৱৰ্ল্ড ফেডাৰেচন ফৰ মেডিকেল এডুকেচন (WFME) -এ। স্বাস্থ্য মন্ত্ৰালয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে এনএমচিক এই অনুমতিৰ কথা ঘোষণা কৰে।
মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৱৰ্ল্ড ফেডাৰেচন ফৰ মেডিকেল এডুকেচনৰ অনুমতি সাপেক্ষে এতিয়াৰ পৰা ভাৰতীয় চিকিৎসকে বিদেশত চিকিৎসা কৰিব পাৰিব। কেৱল সেয়াই নহয়, উচ্চ শিক্ষাৰ বাবে প্ৰশিক্ষণ ল’ব বিচাৰিলে কোনো বাধা নাথাকিব ৷ স্বাস্থ্য মন্ত্ৰালয়ে লগতে কয় যে দেশৰ ৭০৬খন চিকিৎসা মহাবিদ্যালয়ে ৱৰ্ল্ড ফেডাৰেচন ফৰ মেডিকেল এডুকেচনৰ অনুমোদন লাভ কৰিছে। অনাগত দিনত যদি দেশত কোনো নতুন চিকিৎসা মহাবিদ্যালয় হয় তেন্তে তেওঁলোকেও এই আন্তঃৰাষ্ট্ৰীয় চিকিৎসা ফেডাৰেচনৰ অনুমতি লাভ কৰিব। এই ক্লিয়াৰেন্স পোৱাৰ ফলস্বৰূপে ঘৰুৱা চিকিৎসকে চিকিৎসাৰ বাবে বিদেশলৈ যাব পাৰিব, গতিকে বিদেশৰ পৰা বহু লোক ভাৰতলৈ আহি চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব।
মন্ত্ৰালয়ে লগতে কয় যে আন্তঃৰাষ্ট্ৰীয় চিকিৎসা ফেডাৰেচনৰ এই অনুমোদনে দেশৰ চিকিৎসকসকলৰ বাবে বহু সুবিধা কঢ়িয়াই আনিব আৰু দেশৰ চিকিৎসা শিক্ষাৰ মান উন্নত কৰিব। বিদেশী চিকিৎসাৰ লগত অধিক পৰিচিতি হ’ব। এই ক্লিয়াৰেন্সৰ ফলত দেশৰ চিকিৎসা মহাবিদ্যালয়সমূহে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিব। দেশৰ চিকিৎসা ক্ষেত্ৰখনত ইয়াৰ লাভ অধিক হ’ব বুলি মন্ত্ৰালয়ৰ বিশ্বাস।
ৱৰ্ল্ড ফেডাৰেচন ফৰ মেডিকেল এডুকেচন ক্লিয়াৰেন্স সহজে পোৱা নাযায়। চিকিৎসা প্ৰতিষ্ঠান আৰু প্ৰশিক্ষণ কেন্দ্ৰসমূহে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডত উপনীত নোহোৱালৈকে এই অনুমতি প্ৰদান কৰা নহয়। কিন্তু ভাৰতীয় চিকিৎসা বিজ্ঞানে সেই স্তৰত উপনীত হোৱাৰ বাবেই এই ক্লিয়াৰেন্স দিয়া হৈছে বুলি কোৱা হৈছে ৷ ৱৰ্ল্ড ফেডাৰেচন ফৰ মেডিকেল এডুকেচনৰ লক্ষ্য হৈছে বিশ্বজুৰি মানসম্পন্ন চিকিৎসা শিক্ষা প্ৰদান কৰা। এনএমচিৰ মিডিয়া বিভাগৰ মুখ্য চিকিৎসা বিষয়া যোগেন্দ্ৰ মালিকে কয়, ‘ভাৰতত চিকিৎসা শিক্ষাৰ মানদণ্ড আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপনীত হৈছে। ফলত দেশৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাৰ লগতে চিকিৎসাৰ বাবেও বিদেশলৈ যাব পাৰিব।”