ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সাধাৰণ সভাত কাশ্মীৰ প্ৰসংগ উত্থাপন কৰা হয়। পাকিস্তানে ভাৰতৰ বিৰুদ্ধে বিষয়টো উত্থাপন কৰি ন্যায় বিচাৰে। ভাৰতে কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে অন্তৰ্ভুক্ত কৰা জম্মু কাশ্মীৰক লৈ অসন্তুষ্ট পাকিস্তান। কাশ্মীৰক উদ্ধাৰৰ বাবে পাকিস্তানে ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ কামনা কৰে।
ৰাষ্ট্ৰসংঘৰ ভাৰতৰ স্থায়ী প্ৰতিনিধি কাজল ভাটে এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পাকিস্তানক তীব্ৰ ভাষাৰে সমালোচনা কৰে। কাশ্মীৰ ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চল। ভাৰতৰ অঞ্চলত চকু নিদিবলৈ পাকিস্তানক সকিয়াই দিয়ে।
ইয়াৰ উপৰিও কয় যে পাকিস্তানেহে ভাৰতৰ বহু অংশ অধিগ্ৰহণ কৰি ৰাখিছে। সেই অংশসমূহ ভাৰতক ঘূৰাই দিবলৈ নিৰ্দেশ দিয়ে। ভাৰতে ভৱিষ্যতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে।
পাকিস্তানে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়ে বুলিও ভাৰতৰ প্ৰতিনিধি গৰাকীয়ে তীব্ৰ ভাষাৰে সমালোচনা কৰে। পাকিস্তানৰ সৈতে শান্তি আলোচনাৰ বাবে ভাৰত সদায় প্ৰস্তুত। কিন্তু পাকিস্তানে চিমলা চুক্তি বা লাহোৰ চুক্তি অনুসৰিহে আগবাঢ়িব লাগিব বুলি স্পষ্টকৈ জনাই দিয়ে।