অলপতে প্ৰকাশিত গ্লোবেল হাংগাৰ ইনডেস্কত ১১৬ খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১০১ লৈ অৱনমিত হোৱাৰ খবৰে দেশবাসীৰ মনলৈ হতাশা আনিছে।
উন্নয়নশীল ৰাষ্ট্ৰ ভাৰতত আজিৰ সময়ত ভোকাতুৰৰ সংখ্যা বৃদ্ধিয়ে নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ পাঁচ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ সপোনটো আকাশত চাং পতাৰ দৰে অনুভৱ হৈছে।
মানুহৰ প্ৰাথমিক প্ৰয়োজন হৈছে অন্ন,বস্ত্ৰ, বাসস্থান। এই কেওটাৰ ভিতৰত অন্ন নহ’লে মানুহ জীয়াই থাকিব নোৱাৰে। পেট ভৰাই এমুঠি অন্ন খাবলৈ নোপোৱা দেশত ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়াৰ চমক সৃষ্টিকাৰী আঁচনি ৰূপায়নত কিমান দূৰ সম্ভৱ হ’ব এই বিষয়ে সন্দেহ আছে।
পাকিস্তান আৰু চীনৰ সৈতে যুদ্ধ আখৰাত ভাৰত ব্যস্ত হৈ থকাৰ সময়তে তালিকাত শীৰ্ষস্থান দখল কৰা চীনৰ স্থিতিয়ে এই যুদ্ধ আখৰা ভিত্তিহীন বুলি প্ৰমাণ কৰিছে। আনহাতে পাকিস্তানৰ ৯২ সংখ্যক স্থানৰ সৈতে ভাৰতক ভেঙুচালি কৰিছে।
কভিদ মহামাৰীৰ ফলত সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ অৰ্থনৈতিক অৱস্থা ধ্বংস হয়। আনহাতে অমুছলমান শৰনাৰ্থীৰ বোজা, ২০১৪ চনলৈকে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰি অতিৰিক্ত জনসংখ্যাৰ বোজা কঢ়িওৱা ভাৰত এনে দৰিদ্ৰ অৱস্থাৰ সন্মুখীন হোৱা অসম্ভৱ কথা নহয়।
বৰ্তমান দেশত জন কল্যাণমূলক আঁচনিৰ ব্যাপক প্ৰচাৰে জনসাধাৰণৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰিলেও প্ৰকৃত লক্ষ্যত উপনীত হ’বলৈ সক্ষম হোৱা নাই। আমাৰ অসমৰ অৰুণোদই আঁচনিৰ দৰে কল্যাণকামী আঁচনিয়ে জনসাধাৰণৰ হিত চিন্তা আগত ৰাখি চৰকাৰে ফলপ্ৰসু কৰিবলৈ চেষ্টা কৰিলেও সমাজত একাংশ লোকক এলেহুৱা কৰি তোলা দেখা পোৱা গৈছে।
কৰ্মসংস্কৃতি বা কৰ্মমুখী চেতনা আমাৰ দেশৰ জনসাধাৰণৰ মাজত একেবাৰেই কম। চৰকাৰৰ জনকল্যাণমূলক আঁচনিৰ অপ প্ৰয়োগে মুঠ ঘৰুৱা উৎপাদন বা ৰাষ্ট্ৰীয় জনমূৰি আয়ত বৰ বেয়াকৈ প্ৰভাৱ পেলাইছে।
বৰ্তমান কভিদ মহামাৰীৰ সময়ত মোডী ডাঙৰীয়াৰ আত্মনিৰ্ভৰ ভাৰত অভিযান একমাত্ৰ ভৰসা। জনসাধাৰণক কৰ্মমুখী কৰি তুলি আত্মনিৰ্ভৰ কৰি তোলাত এই প্ৰয়াসে উদগণি যোগাবলৈ নিশ্চয় সক্ষম হ’ব।