সৌন্দর্য্য প্ৰতিযোগিতাৰ ক্ষেত্ৰখনত আন্তঃৰাষ্ট্ৰীয় পর্যায়ত পুনৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে সৰগম কৌশলে ৷ ভাৰতক প্ৰতিনিধিত্ব কৰি সৰগম কৌশলে আজি লাছ ভেগাছত অনুষ্ঠিত এক আৰ্ম্বৰপূর্ণ অনুষ্ঠানত মিচেছ ৱৰ্ল্ডৰ খিতাপ দখল কৰে । ৬৩খন দেশৰ প্ৰতিযোগীক অতিক্ৰম কৰি শীৰ্ষস্থান দখল কৰি ২১ বছৰৰ পিছত ভাৰতলৈ এই খিতাপ ঘূৰাই আনিবলৈ তেওঁ সক্ষম হয় ৷ ইনষ্টাগ্ৰামত এই খবৰটো শ্বেয়াৰ কৰি মিচেছ ইণ্ডিয়া প্ৰতিযোগিতা কতৃপক্ষই কয়, “দীঘলীয়া অপেক্ষাৰ অন্ত পৰিল ৷ ২১ বছৰৰ পিছত আমি মুকুট ঘূৰাই পাইছো!”
জম্মু-কাশ্মীৰৰ বাসিন্দা সৰগম কৌশলেও খিতাপ জয় কৰাৰ পিছত কয়-“‘আমি ২১-২২ বছৰৰ পিছত মুকুট ঘূৰাই পাইছিলোঁ। মই বৰ আনন্দিত হৈ পৰিছো। লাভ ইণ্ডিয়া, লাভ ইউ ৱৰ্ল্ড।’কৌশলে ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। ইয়াৰ পূৰ্বে তেওঁ শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল ৷তেওঁৰ স্বামীয় ভাৰতীয় নৌসেনাত কৰ্মৰত ৷
মিচেছ ৱৰ্ল্ড হৈছে বিবাহিত মহিলাৰ বাবে আয়োজন কৰা প্ৰথম সৌন্দৰ্য্য প্ৰতিযোগিতা। ১৯৮৪ চনত আৰম্ভ কৰা হৈছিল এই প্ৰতিযোগিতাখন৷ প্ৰথম অৱস্থাত এই প্ৰতিযোগিতাখনক বিশ্বৰ মিচেছ উইমেন হিচাপে নিৰ্বাচিত কৰা হৈছিল। ১৯৮৮ চনতহে ইয়াক মিচেছ ৱৰ্ল্ড নামেৰে জনাজাত হয়। বছৰ বছৰ ধৰি মিচেছ ৱৰ্ল্ডত ৮০খনতকৈও অধিক দেশৰ পৰা প্ৰতিনিধিত্ব কৰা হৈছে ৷ আমেৰিকাই সৰ্বাধিক বিজয়ী লাভ কৰিছে।
ভাৰতে মাত্ৰ এবাৰহে মিচেছ ৱৰ্ল্ড খিতাপ দখল কৰিছিল ৷২০০১ চনত ড° অদিতি গোবিত্ৰিকৰে লাভ কৰিছিল এই মুকুট।অদিতি গোবিত্ৰিকৰে কৌশলক এই সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে। চূড়ান্ত ৰাউণ্ডৰ বাবে কৌশলে ভাওনা ৰাৱে ডিজাইন কৰা আৰু পেজেণ্ট বিশেষজ্ঞ তথা মডেল আলেছিয়া ৰাউটে ৰাণৱেৰ বাবে পৰামৰ্শ দিয়া গোলাপী ৰঙৰ চেণ্টাৰ স্লিট গ্লিটাৰী গাউন পৰিধান কৰিছিল ৷