চন্দ্ৰত শুই পৰিছে ভাৰতৰ চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰম আৰু ৰভাৰ প্ৰজ্ঞান। ইছৰোৱে আকৌ চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰম আৰু ৰভাৰ প্ৰজ্ঞান ছবি প্ৰেৰণ কৰিছে ৷ইছৰোৰ কেমেৰাত চন্দ্ৰপৃষ্ঠত বিক্ৰম আৰু প্ৰজ্ঞানৰ বৰ্তমানৰ অৱস্থা বন্দী কৰা হৈছে। এই ছবিখন ১৫ মাৰ্চত তুলিছিল ইছৰোৱে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই পূৰ্বে প্ৰকাশ কৰা বিক্ৰম বা প্ৰজ্ঞানৰ ছবিতকৈ শেহতীয়া এই ছবিখন বহু উচ্চ মানৰ। বিজ্ঞানীসকলে দাবী কৰিছে যে চন্দ্ৰৰ কিছুমান বিশেষ অংশৰ অধিক বিৱৰণ এই ছবিত বন্দী কৰা হৈছে।
যোৱা বছৰৰ আগষ্ট মাহত চন্দ্ৰৰ দুৰ্গম দক্ষিণ মেৰুৰ ওচৰত অৱতৰণ কৰিছিল ভাৰতৰ চন্দ্ৰযান-৩। সেই অঞ্চললৈ আগতে আন কোনো দেশে মহাকাশযান পঠিয়াব পৰা নাছিল। চন্দ্ৰযানৰ লেণ্ডাৰ আৰু ৰভাৰে চন্দ্ৰপৃষ্ঠত প্ৰয়োজনীয় অনুসন্ধান কৰিছিল আৰু তথ্য, নমুনা সংগ্ৰহ কৰিছিল। সেই সময়ত ইছৰোৱে বিক্ৰম আৰু প্ৰজ্ঞানৰ কেইবাখনো ছবি মুকলি কৰিছিল। ১৫ মাৰ্চত তোলা ছবিখন তাতকৈ স্পষ্ট আৰু উজ্জ্বল।
বিক্ৰম আৰু প্ৰজ্ঞানৰ এই ছবিখন লোৱাৰ সময়ত ইছৰোৰ কেমেৰা চন্দ্ৰপৃষ্ঠৰ পৰা ৬৫ কিলোমিটাৰ দূৰত আছিল। ছবিৰ ৰিজ’লিউচন প্ৰতি পিক্সেলত ১৭ চে.মি. বিজ্ঞানীসকলৰ মতে এই ছবিখন ভৱিষ্যতৰ চন্দ্ৰ অভিযানত উপযোগী হ’ব পাৰে।
ইছৰোৱে যোৱা আগষ্ট মাহত চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত সফলতাৰে অৱতৰণ কৰি ইতিহাসৰ সৃষ্টি কৰিছিল। আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত চন্দ্ৰলৈ মহাকাশযান প্ৰেৰণ কৰা ভাৰত চতুৰ্থখন দেশ। চন্দ্ৰৰ মাটিত অভিযানৰ অন্তত বিক্ৰম আৰু প্ৰজ্ঞান নিস্ক্ৰিয় হৈ পৰে ৷ সৌৰশক্তিৰ দ্বাৰা চালিত হৈছিল এই বিশেষ চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰম আৰু ৰভাৰ প্ৰজ্ঞান। চন্দ্ৰত যেতিয়া সূৰ্য্য অস্ত যায় তেতিয়া ই নিস্ক্ৰিয় হৈ পৰে ৷