বিগত কেইবাদিন ধৰি ৰাজ্যত শীতৰ প্ৰকোপ বৃদ্ধি পাইছে ৷ সমানে বৃদ্ধি পাইছে কুঁৱলী ৷ যাৰ বাবে বিমান চলাচলত অসুবিধাৰ সৃষ্টি হৈছে ৷ যাৰ বাবে গুৱাহাটীত অৱতৰণ কৰিবলগীয়া এখন বিমান বাংলাদেশৰ ঢাকাত অৱতৰণ কৰিবলগীয়া হয় । মুম্বাইৰ পৰা গুৱাহাটীলৈ অহা ইণ্ডিগ’ৰ এখন বিমান শনিবাৰে বাংলাদেশৰ ৰাজধানী ঢাকাত অৱতৰণ হয়। ইয়াৰ কাৰণ ঘন কুঁৱলী বুলি জানিব পৰা গৈছে।
ইয়াক লৈ ইণ্ডিগ’ৰ তৰফৰ পৰা এক বিবৃতিও জাৰি হৈছে। য’ত কোৱা হৈছে, অসমৰ গুৱাহাটীৰ প্ৰতিকূল বতৰৰ বাবে মুম্বাইৰ পৰা গুৱাহাটী যাবলগীয়া ইণ্ডিগ’ বিমান ৬ই৫৩১৯ বাংলাদেশৰ ৰাজধানী ঢাকালৈ ঘূৰাই দিয়া হৈছে। এই সময়চোৱাত বিমানৰ যাত্ৰীসকলক খাদ্যৰ যোগান ধৰা হৈছে বুলিও তেওঁলোকে উল্লেখ কৰে ৷
১৩ জানুৱাৰী পুৱতি নিশা প্ৰায় ৪ বজাত বিমানখন ঢাকাত অৱতৰণ হৈছিল। অৱশ্যে তাৰ কেইঘন্টামান পাছত যাত্ৰীসকল গুৱাহাটী বিমানবন্দৰত সুৰক্ষিতভাৱে উপস্থিত হয়।