পঞ্চম বাৰৰ বাবে ভাৰতৰ স্বচ্চ চহৰৰ বঁটা লাভ কৰে মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰে। কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু চহৰ পৰিকল্পনা মন্ত্ৰণালয়ৰ অধীনত স্বচ্ছ ভাৰত মিছন ২ ৰ অধীনত স্বচ্ছ সৰ্বেক্ষণ বঁটা ২০২১ বঁটা প্ৰদান কৰে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কৌবিন্দে এই বঁটা ইন্দোৰ চহৰক প্ৰদান কৰে।
১ লাখতকৈ অধিক জনসংখ্যাৰ শিতানৰ শীৰ্ষ স্থানত ইন্দোৰ, দ্বিতীয় স্থানত চুৰাট আৰু বিজয়বাড়াই তৃতীয় স্থান লাভ কৰে। আনহাতে আহমেদাবাদ কণ্টেইনমেণ্টে আটাইতকৈ পৰিচ্ছন্ন কেণ্টমেণ্ট হিচাপে বঁটা লাভ কৰে।
শীৰ্ষ স্বচ্ছ ৰাজ্য হিচাপে ছটিশগড়ে তৃতীয়বাৰৰ বাবে এই স্থান লাভ কৰে।
উল্লেখযোগ্য যে অসমৰ ৯ খন প্ৰধান চহৰ এই তালিকাত সন্নিৱিষ্ট হয়। উত্তৰ পূব সংমণ্ডলৰ ভিতৰত ৫০ হাজাৰৰ পৰা ১ লাখ জনসংখ্যাৰ ভিতৰত স্বচ্ছ নগৰ তেজপুৰ চহৰে শীৰ্ষ স্থান লাভ কৰে।
যোৰহাট চহৰে স্ব-বহনক্ষম নগৰ শিতানত উত্তৰ পূব সংমণ্ডলৰ ভিতৰত শীৰ্ষস্থান লাভ কৰে। আনহাতে তিনিচুকীয়া আৰু হাফলঙে দ্ৰুত বিকশিত নগৰৰ শীৰ্ষ স্থানত থাকে।
ইয়াৰ উপৰিও বঙাইগাঁও, গোলাঘাট, হাইলাকান্দি, লক্ষীপুৰ আদি চহৰ এই তালিকাত সন্নিৱিষ্ট হয়। অসমৰ ৯৬ খন চহৰে স্বচ্ছতা জৰীপত অংশ লৈছিল।