কেন্দ্ৰৰ নতুন সামৰিক নিযুক্তি আঁচনি ‘অগ্নিপথ’ৰ বিৰুদ্ধে দেশজুৰি ব্যাপক প্ৰতিবাদ সাৱ্যস্ত কৰা হৈছে ৷ উদ্যোগপতি আনন্দ মহিন্দ্ৰাই এই হিংসাত্মক পৰিস্থিতিত দুখী বুলি মন্তব্য কৰিছে ৷ এই প্ৰসংগত তেওঁ কয় যে অগ্নিবীৰসকলৰ অনুশাসন আৰু দক্ষতাই তেওঁলোকক “বিশিষ্টভাৱে নিয়োগযোগ্য” কৰি তুলিছে ৷ সেয়েহে অগ্নিবীৰসকললৈ বিশেষ ঘোষণা কৰিছে উদ্যোগপতি গৰাকীয়ে ৷ মহিন্দ্ৰাই কয় যে ব্যৱসায়িক গোটটোৱে এই আঁচনিৰ অধীনত প্ৰশিক্ষণপ্ৰাপ্ত লোকসকলক নিযুক্তি দিয়াৰ সুযোগ প্ৰদান কৰিব ৷
তেওঁ এক টুইটত কয় – “অগ্নিপাথ আঁচনিক কেন্দ্ৰ কৰি হোৱা হিংসাত্মক পৰিস্থিতিত দুখী হৈছো । যোৱা বছৰ আঁচনিখনৰ ওপৰত আলোচনা কৰাৰ সময়ত মই উল্লেখ কৰিছিলোঁ আৰু আজি মই পুনৰাবৃত্তি কৰো যে অগ্নিবীৰসকলে লাভ কৰা অনুশাসন আৰু দক্ষতাই তেওঁলোকক বিশিষ্টভাৱে নিয়োগযোগ্য কৰি তুলিব। এনে প্ৰশিক্ষণপ্ৰাপ্ত, সক্ষম যুৱক-যুৱতীক নিযুক্তি দিয়াৰ সুযোগক মহিন্দ্ৰা গ্ৰুপে আদৰণি জনাইছে।”
Saddened by the violence around the #Agneepath program. When the scheme was mooted last year I stated-& I repeat-the discipline & skills Agniveers gain will make them eminently employable. The Mahindra Group welcomes the opportunity to recruit such trained, capable young people
— anand mahindra (@anandmahindra) June 20, 2022
টুইটাৰতে এজন ব্যৱহাৰকাৰীয়ে তেওঁক মহিন্দ্ৰাই অগ্নিবীৰক কি পদত নিযুক্তি দিব বুলি সোধাত উদ্যোগপতিজনে উত্তৰ দি কয় যে কৰ্পৰেট খণ্ডত অগ্নিবীৰসকলক নিয়োগৰ বৃহৎ সম্ভাৱনা আছে । নেতৃত্ব, দলীয় কাম আৰু শাৰীৰিক প্ৰশিক্ষণৰ সৈতে অগ্নিবীৰসকলে উদ্যোগক বজাৰ-প্ৰস্তুত পেছাদাৰী সমাধান প্ৰদান কৰিব পাৰিব ৷ কেন্দ্ৰই ১৭.৫ৰ পৰা ২১ বছৰ বয়সৰ যুৱক-যুৱতীসকলক চাৰি বছৰৰ বাবে নিযুক্তি দিয়া নতুন আঁচনি ঘোষণা কৰাৰ পিছতে সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছে।