যোৰহাটৰ তিতাবৰৰ এখন চাহবাগিচাৰ কলঘৰত কাম কৰি থকাৰ সময়তে গুৰুতৰভাৱে আহত শ্ৰমিক ভাস্কৰ মহান্তিৰ আজি মৃত্যু হয় ৷ যোৰহাট মেডিকেল কলেজ হাস্পতালত(জেএমচিএইচ) চিকিৎসাধীন অৱস্থাতে আজি পুৱা তেওঁৰ মৃত্যু ঘটে ৷
উল্লেখ্য যে তিতাবৰৰ টাইৰুণ চাহবাগিচাৰ শ্ৰমিক আছিল ভাস্কৰ মহান্তি ৷ চাহবাগিচাখনৰ কেঁচা চাহপাত কলঘৰলৈ অনা কামত নিয়োজিত আছিল মহান্তি ৷ যোৱা ২২ আগষ্টত কামৰ মাজতে তেওঁ চিটিচি মেচিনৰ ওচৰলৈ গৈছিল ৷ সেই সময়তে তেওঁৰ সোঁভৰিখন মেচিনত সোমাই যায় ৷ লগে লগে মেচিনটো বন্ধ কৰি তেওঁক উদ্ধাৰ কৰা হয় যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ লগে লগে তেওঁক জেএমচিএইচত ভর্ত্তি কৰোৱা হয় ৷ পৰৱর্তী সময়ত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু আজি পুৱা মৃত্যক সাৱটি লয় ৷ তেওঁৰ মৃত্যুত চাহবাগিচাৰ শ্ৰমিক সকলৰ মাজত শোকৰ ছাঁ পৰিছে ৷